কৰিমগঞ্জ, 27 মাৰ্চ:প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পাচতে ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ শনিবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বৰাক উপত্যকাত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । চাৰিখনকৈ জনসভাত অংশ গ্ৰহণৰ পাচতে মন্ত্ৰী গৰাকীয়ে অংশ লয় এটা ৰোড শ্বত ৷ উদাৰবন্দ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী মিহিৰ কান্তি সোমৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী শৰ্মাই ৷
উল্লেখ্য যে, মিহিৰ কান্তি সোমৰ নিৰ্বাচনী প্ৰচাৰৰ পাচতে দ্বিতীয়খন জনসভাত অংশ লয় মন্ত্ৰী গৰাকীয়ে ৷ কাঠিগড়া সমষ্টিত প্ৰাৰ্থী গৌতম ৰয়ৰ হৈ প্ৰচাৰ চলাই এক জনসভাত অংশ গ্ৰহণ কৰাৰ লগতে কাটলিছেৰা সমষ্টিত দলীয় প্ৰাৰ্থী সুব্ৰত নাথ আৰু ৰাতাবাৰী সমষ্টিৰ শনবিল কালিবাৰীত প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাই ৷