অসম

assam

কৰিমগঞ্জত সমস্যাৰ সন্মুখীন কৰ্তব্যৰত লেব’ৰেটৰী টেকনিছিয়ান

By

Published : May 30, 2020, 4:10 PM IST

যিসময়ত বিভাগীয় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্বাৱ সংগ্ৰহৰ দায়িত্বত থকা লেব’ৰেটৰী টেকনিছিয়ানসকলক কৰ্তব্য সম্পূৰ্ণ হোৱাৰ পিছত কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখিবৰ বাবে নিৰ্দেশ দিছিল তেনে সময়তে, কৰিমগঞ্জ জিলাত মন্ত্ৰীগৰাকীৰ এই নিৰ্দেশক অমান্য কৰা হৈছে ৷ কোৱাৰেণ্টাইন চেণ্টাৰত থকাৰ সলনি প্ৰতিদিনে কৰ্তব্য শেষ হোৱাৰ পিছত নিজ গৃহলৈহে যাবৰ বাবে দিয়া হৈছে নিৰ্দেশ ৷ এই অভিযোগ বদৰপুৰ ৰে'লৱে ষ্টেচনত থকা মেডিকেল টীমৰ ৷

Medical staff's Faced problems in karimganj
কৰিমগঞ্জত সমস্যাৰ সন্মুখীন কৰ্তব্যৰত লেব’ৰেটৰী টেকনিছিয়ান

কৰিমগঞ্জ, 30মে':মহামাৰী কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি থকা চিকিৎসক, নাৰ্ছ, লেব’ৰেটৰী টেকনিছিয়ান আদিক গণ্য কৰা হয় প্ৰথমশাৰীৰ যোদ্ধা ৷ কিন্তু তেনে সময়তে স্বাস্থ্য বিভাগৰ একাংশ বিষয়াই যেন লেব’ৰেটৰী টেকনিছিয়ানৰ জীৱনক লৈ হেতালি খেলিছে ৷ এনে এক অভিযোগৰ ভিত্তিত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য ৷

যিসময়ত বিভাগীয় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্বাৱ সংগ্ৰহৰ দায়িত্বত থকা লেব’ৰেটৰী টেকনিছিয়ানসকলক কৰ্তব্য সম্পূৰ্ণ হোৱাৰ পিছত কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখিবৰ বাবে নিৰ্দেশ দিছিল তেনে সময়তে, কৰিমগঞ্জ জিলাত মন্ত্ৰীগৰাকীৰ এই নিৰ্দেশক অমান্য কৰা হৈছে ৷ কোৱাৰেণ্টাইন চেণ্টাৰত থকাৰ সলনি প্ৰতিদিনে কৰ্তব্য শেষ হোৱাৰ পিছত নিজ গৃহলৈহে যাবৰ বাবে দিয়া হৈছে নিৰ্দেশ ৷ এই অভিযোগ বদৰপুৰ ৰে'লৱে ষ্টেচনত থকা মেডিকেল টীমৰ ৷

কৰিমগঞ্জত সমস্যাৰ সন্মুখীন কৰ্তব্যৰত লেব’ৰেটৰী টেকনিছিয়ান

সাংবাদিকৰ আগত মেডিকেল টীমটোৰ এগৰাকী সদস্যই মন্তব্য কৰি কয় যে, যিহেতু তেওঁলোকে দৈনন্দিন শ শ লোকৰ স্বাৱ পৰীক্ষা কৰি আছে তেনে সময়ত যদি তেওঁলোকে নিজৰ কৰ্তব্য শেষ কৰি ঘৰলৈ উভতি যায় তেনেহ'লে নিজ পৰিয়ালৰ লোকৰ মাজত কৰ'ণা ভাইৰাছ সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে লেব’ৰেটৰী টেকনিছিয়ানসকল ৷ আনহাতে, অসম -ত্ৰিপুৰা সীমান্তৰ চূড়াইবাড়িত স্ক্ৰীণিং কৰাৰ দায়িত্বত থকা লেব’ৰেটৰী টেকনিছিয়ানসকলে আজিপৰ্যন্ত কোনোধৰণৰ খাদ্য-সামগ্ৰী লাভ নকৰাৰ অভিযোগ কৰিছে ৷ যাৰ ফলত চৰকাৰে তেওঁলোকৰ বাবে খাদ্য-সামগ্ৰী নিৰ্ধাৰণ কৰি দিয়াৰ পিছতো অনাহাৰে কাম কৰি যোৱাৰ কথা জানিবলৈ দিয়ে চূড়াইবাড়ি সীমান্তত থকা মেডিকেল টীমৰ এগৰাকী সদস্যই ৷

স্বাস্থ্য বিভাগৰ এনেধৰণৰ কৰ্মকাণ্ডই এতিয়া চিন্তিত কৰিছে সাধাৰণ ৰাইজকো ৷

লগতে পঢ়কঃৰেন'ল্টে কৰ্তন কৰিব 15000 চাকৰি

ABOUT THE AUTHOR

...view details