অসম

assam

ETV Bharat / state

কৰিমগঞ্জত ভয়াৱহ অগ্নিকাণ্ডত ভস্মীভূত তিনিটাকৈ বাসগৃহ

শনিবাৰে মাজনিশা কৰিমগঞ্জৰ ইএণ্ডডি কলনীত ভয়ংকৰ অগ্নিকাণ্ড ৷ তিনিটাকৈ বাসগৃহ জুইত জাহ যোৱাৰ লগতে ক্ষতিগ্ৰস্ত হয় লক্ষাধিক টকাৰ সা-সম্পত্তি । বৈদুত্যিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৷

By

Published : Nov 29, 2020, 1:46 PM IST

karimganj fire
কৰিমগঞ্জত অগ্নিকাণ্ড

কৰিমগঞ্জ,29 নৱেম্বৰ : কৰিমগঞ্জ জিলাৰ ইএণ্ডডি কলনীত শনিবাৰে মাজনিশা সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত জাহ গৈছে তিনিটাকৈ বাসগৃহ । ক্ষতিগ্ৰস্ত হৈছে কেইবা লাখ টকাৰ সা-সম্পত্তি । বৈদুত্যিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

কৰিমগঞ্জত অগ্নিকাণ্ড

কৰিমগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত সহৰৰ মাজমজিয়াত থকা ইএণ্ডডি কলনীত সংঘটিত হোৱা এই অগ্নিকাণ্ড প্ৰত্য়ক্ষ কৰি নিলাম বজাৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় ৷ দুঘণ্টা সময়ৰ পাচত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজে । অৱশ্যে বৰ্তমানো পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ ৷

লগতে পঢ়ক :কাকজানত পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত 10

ABOUT THE AUTHOR

...view details