অসম

assam

By

Published : Jul 15, 2020, 4:37 AM IST

ETV Bharat / state

কদমতলা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

অসম ত্ৰিপুৰা সীমান্তৰ কদমতলা বজাৰত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডটোৰ ফলত ভষ্মীভূত হয় কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ৷

massive-fire-breaks-out-in-assam-tripura-border
কদমতলা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

কৰিমগঞ্জ,14 জুলাইঃমঙলবাৰেপুৱতি নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় অসম ত্ৰিপুৰা সীমান্তৰ কদমতলা বজাৰত ৷ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলি ভষ্মীভূত হয় অগ্নিকাণ্ডটোৰ ফলত । ইয়াৰে পাঁচখন দোকান সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয় । পুৱতি নিশা কদমতলা বজাৰৰ লালমোহন দাস নামৰ এগৰাকী ব্যৱসায়ীৰ বেকাৰীৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । কিছু মুহুৰ্তৰ ভিতৰতে বজাৰৰ কেইবাখনো দোকানত জুই বিয়পি পৰে ।

কদমতলা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

বজাৰত নৈশ পহৰাত থকা লোকে প্ৰথমে জুই প্ৰত্যক্ষ কৰি খবৰ দিয়ে কদমতলা আৰক্ষী থানাত । কদমতলাৰ পৰা ঘটনাস্থলীত উপস্থিত হয় দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী । জুইৰ তীব্ৰতা ইমানেই ভয়াৱহ আছিল যে,দুখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিয়ন্ত্ৰন লৈ অনা সম্ভৱ নোহোৱাৰ বাবে ধৰ্মনগৰৰ পৰা অনা হয় আন দুখন গাড়ী । অৱশেষত চাৰিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ সহযোগত জুই নিয়ন্ত্ৰণলৈ অনা সম্ভৱ হয় । ধাৰণা কৰা অনুসৰি,শ্বৰ্ট ছাৰ্কিটৰ ফলত প্ৰথমতে বেকাৰীত অগ্নি সংযোগ হয় আৰু অৱশেষত সমগ্ৰ বজাৰখনতে জুই বিয়পি পৰে ।
লগতে পঢ়কঃ সুশান্তৰ মৃত্যুৰ এটা মাহ সম্পূৰ্ণ,চাকি জ্বলালে অংকিতাই

ABOUT THE AUTHOR

...view details