অসম

assam

ETV Bharat / state

কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড

সোমবাৰে নিশা প্ৰায় 10 বজাত কৰিমগঞ্জ চহৰৰ মাজ-মজিয়াতে থকা চৰ বজাৰৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড ৷ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰিছে অঞ্চলবাসীয়ে ৷

নিশা কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড
নিশা কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Feb 16, 2021, 8:22 AM IST

কৰিমগঞ্জ,16 ফেব্ৰুৱাৰীঃসোমবাৰে নিশা কৰিমগঞ্জত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড ৷ নিশা প্ৰায় 10 বজাত চহৰৰ মাজ-মজিয়াতে থকা চৰ বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷

নিশা কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড

প্ৰাপ্ত তথ্য অনুসৰি, সজল দাস আৰু শিপ্ৰা দাসৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে অঞ্চলটো ৷ লগে লগে খবৰ দিয়া হয় অগ্নি নিৰ্বাপক বাহিনীক ৷ স্থানীয় লোকৰ তৎপৰতাত 4 খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷

কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড

এই অগ্নিকাণ্ডত জাহ যায় বহু লাখ টকাৰ সা-সামগ্ৰীৰ লগতে মূল্যবান নথিপত্ৰ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বুজ লয় পৰিস্থিতিৰ ৷ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰিছে অঞ্চলবাসীয়ে ৷

লগতে পঢ়কঃপ্ৰায় 120 বছৰৰ পিছত অসমৰ ভূমিত আপুৰুগীয়া মেণ্ডাৰিন ডাক

ABOUT THE AUTHOR

...view details