কৰিমগঞ্জ,28মেঃ কোভিড-১৯ ৰ বাবে সমগ্ৰ বিশ্বজুৰি চলিছে লক ডাউন আৰু এই লক ডাউনৰ সময়ছোৱাত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত আবদ্ধ হৈ আছিল উত্তৰ পূৰ্বাঞ্চলৰ বহু লোক। এই লোকসকলক নিজ দেশলৈ অনাৰ বাবে ভাৰত চৰকাৰৰ ফালৰপৰা বাংলাদেশৰ চৰকাৰৰ সৈতে যোগাযোগ কৰি যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। বৃহস্পতিবাৰে চৰকাৰী নীতি নিয়মৰ মাধ্যমেৰে কৰিমগঞ্জ জিলাৰ সুতাৰকান্দী স্থল শুল্ক বন্দৰ দি অনা হয়।
এই সকলৰ ভিতৰত সৰহ সংখ্যক হল ছাত্ৰ ইয়াৰোপৰি আছে পৰ্যটক আৰু ব্যৱসায়ী। অসমৰ বিভিন্ন জিলাৰ ১০০ গৰাকী আৰু মণিপুৰৰ ২৪ গৰাকী লোক আছিল । বৃহস্পতিবাৰে কৰিমগঞ্জৰ সুতাৰকান্দী সীমান্ত স্থল শুল্ক বন্দৰ দি ১২৪ গৰাকী লোক আহি উপস্থিত হয়। বাংলাদেশ চৰকাৰৰ উচ্চ প্ৰদস্থ বিষয়া সকলে কৰিমগঞ্জ জিলাৰ প্ৰশাসনৰ ফালৰ পৰা উপায়ুক্ত ৰঞ্জিত কুমাৰ লষ্কৰ, আৰক্ষীৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু সীমান্ত সুৰক্ষা বাহিনীৰ উপ অধীনায়ক সুশীল কুমাৰ উপাধ্যায় সহ উচ্চ পদস্থ বিষয়ববীয়াৰ হাতত অৰ্পন কৰে।