অসম

assam

By

Published : Feb 21, 2020, 6:10 PM IST

ETV Bharat / state

মুক্তি পালে শ্বহীদ সুদেষ্ণা সিনহাৰ ওপৰত নিৰ্মিত মণিপুৰী ছবিৰ ট্ৰেইলাৰ

ভাষা সংগ্ৰামৰ বাবে শ্বহীদ হোৱা সুদেষ্ণা সিনহাৰ জীৱনৰ ওপৰত নিৰ্মাণ হৈছে সুদেষ্ণা বিষ্ণুপ্ৰিয়া নামৰ এখন মণিপুৰী ছবি ৷ শেহতীয়াকৈ মুক্তি পালে ছবিখনৰ ট্ৰেইলাৰ ৷

Manipuri movie trailer released
শ্বহীদ সুদেষ্ণা সিনহা

কৰিমগঞ্জ, 21 ফেব্ৰুৱাৰীঃবিষ্ণুপ্ৰিয়া শীৰ্ষক মনিপুৰী ভাষাৰ বাবে শ্বহীদ হোৱা সুদেষ্ণা সিনহাৰ ওপৰত নিৰ্মিত হৈছে এখন মণিপুৰী ছবি ৷ শেহতীয়াকৈ মুক্তি পাইছে ছবিখনৰ ট্ৰেইলাৰ ৷ নিজৰ ভাষা ৰক্ষাৰ বাবে গুলি খাবলগীয়া হৈছিল মণিপুৰী বীৰাংগণাগৰাকীয়ে ৷ 1996 চনত মনিপুৰী ভাষা ৰক্ষাৰ বাবে আন্দোলনত নামিছিল শ্বহীদ সুদেষ্ণা সিনহা ৷ এই বীৰাংগনাগৰাকীৰ স্মৃতিতে নিৰ্মাণ কৰা হৈছে এই বিশেষ মণিপুৰী ছবিখন ৷ বৃহস্পতিবাৰে শ্বহীদ গৰাকীৰ স্মৃতিত অনুষ্ঠিত হোৱা নক আউট ক্ৰিকেট টুৰ্ণামেন্টৰ পুৰস্কাৰ বিতৰণী অনুষ্ঠানত মুকলি কৰা হয় ছবিখনৰ ট্ৰেইলাৰ ৷ পাথাৰকান্দিৰ কচুবাৰী এলেকাৰ এখন বৃহৎ স্ক্ৰীণত প্ৰদৰ্শিত হয় ছবিখনৰ ট্ৰেইলাৰ ৷ ট্ৰেইলাৰ মুক্তি অনুষ্ঠানত বোলছবিৰ পৰিচালক উৎপল সিনহা,নিৰ্দেশক অনুপ সিনহাৰ লগতে সেইসময় উপস্থিত আছিল সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পাল । উল্লেখ্য যে,অহা ১৬ মাৰ্চ অৰ্থাৎ শ্বহীদ সুদেষ্ণা সিনহাৰ মৃত্যু দিৱসৰ দিনা মুক্তি পাব শ্বহীদ সুদেষ্ণা সিনহাৰ ওপৰত নিৰ্মিত মণিপুৰী ছবিখন ৷

মুক্তি পালে শ্বহীদ সুদেষ্ণা সিনহাৰ ওপৰত নিৰ্মিত মণিপুৰী ছবিৰ ট্ৰেইলাৰ

ABOUT THE AUTHOR

...view details