কৰিমগঞ্জ, 12 আগষ্ট :হঠাৎ উত্তপ্ত হৈ পৰিল কৰিমগঞ্জ অসামৰিক চিকিৎসালয় ৷ এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশা কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত সৃষ্টি হয় এই হুলস্থূলীয়া পৰিৱেশৰ ৷ ৰোগীৰ আত্মীয় তথা পুত্ৰৰ অভিযোগ চিকিৎসক তথা চিকিৎসালয়খনত নিশা দায়িত্বত থকা কৰ্তৃপক্ষৰ গাফিলতিৰ ফলতে মৃত্যু হয় ৰোগীজনৰ ৷ মৃত ৰোগীজন লক্ষ্মীবজাৰৰ ছেৰুলবাগৰ নিবাসী আশাব আলী ।
মৃতকৰ পুত্ৰই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, শুকুৰবাৰে বিয়লি ভাগত হঠাৎ অসুস্থ হৈ পৰে আশাব আলী ৷ সেয়ে পৰিয়ালৰ লোকে তেওঁক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ আনে ৷ কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পাচতে চিকিৎসকে এটা মহলাৰ পৰা আন এটা মহলালৈহে স্থানান্তৰ কৰে ৰোগীজনক ৷ ৰোগীক স্থানান্তৰ কৰাৰ বহু পৰলৈকে কোনোধৰণৰ চিকিৎসা সেৱা আগনবঢ়োৱাৰ অভিযোগ তুলিছে ৰোগীৰ অত্মীয়ই ৷
আনকি এটা সময়ত শ্বাস-প্ৰশ্বাস লোৱাটো অসুবিধাৰ সন্মুখীন হৈছিল আশাব আলীয়ে । তেওঁৰ পৰিয়ালৰ লোকে বহুবাৰ এই কথা চিকিৎসালৰ চিকিৎসকক অৱগত কৰিছিল ৷ কিন্তু ৰোগীৰ পৰিয়ালৰ লোকৰ কথাত চিকিৎসকে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৷ যাৰ ফলত শুকুৰবাৰে নিশা মৃত্যু হয় আশাব আলীৰ ।