ধুবুৰী, কৰিমগঞ্জ, 7 অক্টোবৰঃমহা নৱমী উপলক্ষে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আনন্দৰ ঢল ৷ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ ৷ ধুবুৰীতো নৱমী উপলক্ষে ব্যস্ত হৈ পৰিছে ভক্তগণ ৷ ধুবুৰীত 133 বছৰত ঐতিহাসিক হৰিসভাত পূজা মণ্ডপত সমবেত হয় শ শ লোক ৷ নৱমীৰ লগত সংগতি ৰাখি সন্ধিয়া আৰতি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বিপৰীতে মঙলবাৰে পুৱা ঢাক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব হৰিসভা প্ৰাঙ্গনত ।
মহা নৱমী উপলক্ষে ৰাজ্যজুৰি আনন্দৰ ঢল - পাথাৰকান্দি
মহা নৱমী উপলক্ষে ঐতিহাসিক ৰজাঘৰীয়া মহামায়া মন্দিৰত ভক্তৰ লানি নিচিগা সোঁত ৷ মন্দিৰটোত পৰম্পৰা অনুসৰি চলিল বলি প্ৰথা ৷ প্ৰায় ৪০০ বছৰ পুৰণি প্ৰাচীন যুগৰে পৰা চলি আহিছে গৌৰীপুৰৰ মহামায়া মন্দিৰৰ দুর্গা পূজা
যিহেতু মঙলবাৰে বিজয়া দশমীত বিদায় ল'ব মা দেৱী দুর্গাই । সেয়ে দেৱী দূর্গাৰ বিদায়ৰ পূৰ্বে মহা নৱমীত দুখ প্ৰকাশ কৰিছে ভক্তপ্ৰাণ ৰাইজে ৷ পাথাৰকান্দি সমষ্টিৰ ভিতৰত প্ৰথম স্থানত আছে বাজাৰিছড়া মাড়ুয়াৰী সাৰ্বজনীন দুৰ্গা মণ্ডপ ৷ জাকজমকতাতকৈ আধ্যাত্মিকতাৰ বাবে ঐতিহ্য থকা ৩৫ বছৰীয়া বাজাৰীছড়া মাড়ুয়াৰী সাৰ্বজনীন দুৰ্গা পূজাস্থলীত প্ৰতিদিনে সমাগম হয় অগনন ভক্তপ্ৰাণ ৰাইজৰ ৷ মাড়ুয়াৰী সাৰ্বজনীন পূজা সমিতিয়ে প্লাষ্টিক বৰ্জন কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ।
মহা নৱমী উপলক্ষে ঐতিহাসিক ৰজাঘৰীয়া মহামায়া মন্দিৰত ভক্তৰ লানি নিচিগা সোঁত ৷ মন্দিৰটোত পৰম্পৰা অনুসৰি চলিল বলি প্ৰথা ৷ প্ৰায় ৪০০ বছৰ পুৰণি প্ৰাচীন যুগৰে পৰা চলি আহিছে গৌৰীপুৰৰ মহামায়া মন্দিৰৰ দুর্গা পূজা ৷ মৃন্ময় মূৰ্তিৰ সলনি সম্পূৰ্ণ কুঁহিলাৰে নিৰ্মিত দুৰ্গা প্ৰতিমাৰ সন্মুখত পঞ্চমীৰ দিনাৰ পৰাই চলে বলি বিধান।