অসম

assam

ETV Bharat / state

কৰিমগঞ্জত অদ্ভূত ঘটনা ! কিয় হঠাৎ জনপ্ৰিয় হৈ পৰিছে এটা মন্দিৰ..

কি হৈছে কৰিমগঞ্জৰ এটা শিৱ মন্দিৰত ৷ হাতে-হাতে ম'বাইল, কেমাৰত বন্ধী কৰাৰ হেতা-ওপৰা ৰাইজৰ, কিন্তু কিয় ? আচলতে হৈছে কি মন্দিৰটোত ৷ আচলতে মন্দিৰত থকা নন্দিৰ মূৰ্তিৰ আগত গাখীৰ দিলে সেই গাখীৰ হেনো খাই দিয়ে মূৰ্তিটোৱে । ছ'চিয়েল মিডিয়াত এতিয়া ভাইৰেল সমগ্ৰ দৃশ্য ৷

কৰিমগঞ্জত অদ্ভূত ঘটনা ! কিয় হঠাৎ জনপ্ৰিয় হৈ পৰিছে এটা মন্দিৰ

By

Published : Jul 31, 2019, 4:20 AM IST

কৰিমগঞ্জ, 30 জুলাইঃ কৰিমগঞ্জত এক অলৌকিক ঘঠনাই এতিয়া খলকনী তুলিছে ছ'চিয়েল মিডিয়াত । মহাদেৱৰ বাহন হিচাপে পৰিচিত নন্দিয়ে ভক্তৰ পৰা খাইছে গাখীৰ । শতাধিক বছৰ এটা পূৰণি শিৱ মন্দিৰত থকা মহাদেৱৰ বাহন নন্দিয়ে গাখীৰ খোৱা ভিডিঅ'ক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা । ঘটনা কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কেকড়াগুল চাহ বাগিছাৰ ।

কৰিমগঞ্জত অদ্ভূত ঘটনা !

শাওণৰ দ্বিতীয় সোমবাৰে বলবম উপলক্ষে ৰাতাবাৰী সমষ্টিৰ এই মন্দিৰত যথেষ্ট সংখ্যক লোকৰ সমাহৰ দেখা পোৱা যায় । এইবোৰো ইয়াৰ ব্যতিক্ৰম দেখা পোৱা নগ'ল । কিন্তু এইবাৰ নন্দিয়ে গাখীৰ খোৱা ঘটনাই যথেষ্ট চৰ্চাৰ কাৰণ হৈ পৰিছে । এতিয়া প্ৰতিদিনে মন্দিৰত বৃদ্ধি পাইছে অগণন ভক্তৰ ভীৰ ৷

ABOUT THE AUTHOR

...view details