কৰিমগঞ্জ,16 নৱেম্বৰ:কৰিমগঞ্জত বৃদ্ধি পাব ধৰিছে অপৰাধমূলক কাৰ্য-কলাপ ৷ চহৰখনৰ মাজমজিয়াস্থিত এগৰাকী মহিলাৰ ঘৰৰ পৰা চোৰে লুটি নিয়ে নগদ ধনকে ধৰি সমস্ত মূল্যৱান সামগ্ৰী ৷ এই ঘটনা সংঘটিত হৈছে এম এম চি বিদ্যালয়ৰ অধ্যক্ষা শিল্পী দেৰ ঘৰত ৷ দে-ৰ ঘৰত বনকৰা মহিলা হিচাপে কৰ্মৰত দেৱশ্ৰী দেৱ নামৰ এগৰাকী মহিলাই এটা চোৰৰ সৈতে মিলি লুটপাত চলায় ৷ ইতিমধ্যে এই সমগ্ৰ ঘটনা বন্দী হৈছে চিচিটিভি কেমেৰাত ৷
বনকৰা মহিলাই লুটিলে লক্ষাধিক টকা - বনকৰা মহিলা
নিসংগতাৰ সুযোগ গ্ৰহণ বনকৰা মহিলাৰ ৷ অকলে থকাৰ সুযোগতে এগৰাকী বনকৰা মহিলাই লুটিলে প্ৰায় লক্ষাধিক নগদ ধন ৷ এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জত ৷
কৰিমগঞ্জ আৰক্ষী থানা
চোৰে মহিলাগৰাকীৰ ঘৰৰ পৰা লুটি নিয়ে প্ৰায় 1,13,000 নগদ ধন ৷ এই চুৰি কাণ্ডৰ বিষয়ে মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰে কৰিমগঞ্জ আৰক্ষী থানাত ৷ আৰক্ষীয়ে শিল্পী দে-ৰ এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰি আৰম্ভ কৰে প্ৰাথমিক তদন্ত ৷ এই তদন্তৰ ভিত্তিতে আৰক্ষীয়ে বনকৰা মহিলাগৰাকীক আটক কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে 1,09,000 হাজাৰ টকা ৷
লগতে চাওকঃবিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰী বিজেপিৰ দালাল