অসম

assam

ETV Bharat / state

কৰিমগঞ্জত অব্যাহত আছে লংগাই নৈৰ ভয়ংকৰ গৰাখহনীয়া - পুৰনা খহনীয়া গ্ৰস্থ প্ৰায় তিনিশ মিটাৰ অংশ

কৰিমগঞ্জত অব্যাহত আছে লংগাই নৈৰ ভয়ংকৰ গৰাখহনীয়া । লংগাইৰ বুকুত নিশ্চিহ্ন হল কেইবাখনো গাঁৱৰ যাতায়তৰ একমাত্ৰ ভৰষাৰ এটা পথ । বাৰিষা অহাৰ লগে লগে আতংকিত হৈ পৰে নৈপৰীয়া ৰাইজ ।

অব্যাহত আছে লংগাই নৈৰ ভয়ংকৰ গৰাখহনীয়া
অব্যাহত আছে লংগাই নৈৰ ভয়ংকৰ গৰাখহনীয়া

By

Published : Jul 5, 2021, 2:38 PM IST

কৰিমগঞ্জ, 5 জুলাই:কৰিমগঞ্জত অব্যাহত আছে লংগাই নৈৰ ভয়ংকৰ গৰাখহনীয়া । বিশেষকৈ ৰাজ্যৰ ভিতৰত এনে কেইখনমান নৈ আছে, যিসমূহ নৈ বলিয়া নৈ হিচাপে পৰিচিত । লংগাই নৈৰ বুকুত নিশ্চিহ্ন হ’ল কেইবাখনো গাঁৱৰ যাতায়তৰ একমাত্ৰ ভৰষাৰ এটা অতি গুৰুত্বপূৰ্ণ পথ । জানিব পৰা মতে, কৰিমগঞ্জ জিলাৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত গান্ধাইমুখ গাঁৱত লংগাই নৈৰ খহনীয়াৰ কবলত পৰি জাহ গৈছে এটা পকী পথ ।

কৰিমগঞ্জত অব্যাহত আছে লংগাই নৈৰ ভয়ংকৰ গৰাখহনীয়া

ব্যস্ত পথছোৱাৰ খহনীয়াগ্ৰস্ত প্ৰায় তিনিশ মিটাৰ অংশ মেৰামতি নোহোৱাৰ পূৰ্বেই শনিবাৰে পুৰণা খহনীয়া অংশৰ পৰা প্ৰায় দুশ মিটাৰ নিলগত পুনৰ খহিল আৰু দুশ মিটাৰ অংশ । যাৰ ফলত ছেবৰা, পুটিমাৰা, মেদা, কাটাগ্ৰাম, লামা বাহাদুৰপুৰ, দিঘলবাগ, গান্ধাইমুখ আদি গাঁৱৰ প্ৰায় চাৰি হাজাৰ লোকৰ যাতায়তৰ একমাত্ৰ পথটোৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ।

মিজোৰামৰ পৰা বৈ অহা লংগাই নৈয়ে ভৰ বাৰিষাৰ সময়ত ভয়ংকৰ ৰূপ ধাৰন কৰে । সম্প্ৰতি বাৰিষা অহাৰ লগে লগে ৰাজ্যৰ আন নৈৰ সমান্তৰালকৈ লংগাই নৈৰ জলস্তৰো লাহে লাহে বৃদ্ধি পাব ধৰিছে । বিশেষকৈ এই নৈৰ খহনীয়াৰ কৱলত পৰি যিসকল লোক ইতিমধ্যে সৰ্বহাৰা হৈ পৰিছে, সেইসকল লোক বাৰিষা অহাৰ লগে লগে যথেষ্ট চিন্তিত হৈ পৰে ।

এই পথেৰে বৰ্তমান খোজকাঢ়ি পাৰ হোৱাটো বিপজ্জনক হৈ পৰিছে । বিদ্যালয়ৰ খোলাৰ পাচতে কণ কণ ছাত্ৰ-ছাত্ৰীসকল বিপজত পৰিব বুলিও আশংকা কৰা হৈছে ৷ পুৰনা খহনীয়া মেৰামতিৰ দাবী পূৰণ নোহোৱাৰ আগতেই পুনৰবাৰ খহনীয়াৰ কৱলত পৰি যোগাযোগ বিচ্ছিন্ন হৈ বৰ্তমান উক্ত এলেকাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।

এই খবৰ লাভ কৰি জলসম্পদ বিভাগৰ অধিকাৰীক লগত লৈ খহনীয়া পৰিদৰ্শন উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ। বিধায়ক উপস্থিত ভোক্তভোগী ৰাইজে অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে । এই সন্দৰ্ভত বিধায়ক কমলাক্ষ দে পুৰকায়স্থই খহনীয়া লৈ মন্ত্ৰীৰ লগতে আলোচনা কৰি অতি সোনকালে মেৰামেতি কৰা হ’ব বুলি প্ৰকাশ কৰে ৷

লগতে পঢ়ক:শিৱসাগৰত অৰুণোদয় স্মাৰকৰ আধাৰশিলা স্থাপন

For All Latest Updates

ABOUT THE AUTHOR

...view details