কৰিমগঞ্জ, 3 জুলাই :দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত সুপ্রাকান্দি পঞ্চায়তৰ নয়াগ্ৰাম গাঁওত লংগাই নৈৰ ভয়ংকৰ গৰাখহনীয়া অব্যাহত । ইতিমধ্যে ভেটি মাটি হেৰুৱাই প্ৰায় বাৰ ঘৰ পৰিয়ালে কৰ'ণা (Corona)ৰ ভয়াৱহ পৰিস্থিতিৰ মাজতেই গাঁও এৰি অন্য ঠাইলৈ যাবলৈ বাধ্য হৈছে । আনহাতে, কেইবাটাও বাসগৃহ এতিয়াও ওলমি আছে নৈৰ বুকুত । বছৰ বছৰ ধৰি এই ধাৰা অব্যাহত আছে যদিও কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন জল সম্পদ বিভাগ (Water Resource Department)। বাৰিষা অহাৰ লগে লগে আতংকিত হৈ পৰে নৈ পৰীয়া ৰাইজ ।
বিশেষকৈ ৰাজ্যৰ ভিতৰত এনে কেইখন নৈ আছে, যি নৈ সমুহ যথেষ্ট বলিয়া নৈ নিচাপে পৰিচিত । ইয়াৰে এখন নৈ হৈছে লংগাই নৈ (Langai River) । মিজোৰামৰ পৰা বৈ অহা লংগাই নৈয়ে (Langai River) ভৰ বাৰিষাৰ সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ লয় । ৰাজ্যৰ আন নৈৰ সমান্তৰালকৈ লংগাই নৈৰ (Langai River) জলস্তৰ লাহে লাহে বৃদ্ধি পাব ধৰিছে ।