অসম

assam

ETV Bharat / state

কৰিমগঞ্জত নৈয়ে কাঢ়ি নিছে ঘৰ-দুৱাৰ - গৰাখহনীয়া

ইতিমধ্যে এই গাঁওখনৰ সাতটাকৈ বাসগৃহ নৈৰ বুকুত জাহ গৈছে । বৰ্তমান গাঁওখনৰ ইছলাম উদ্দিন নামৰ এগৰাকী দৰিদ্ৰ লোকৰ বাসগৃহটো নৈত জাহ যোৱাৰ উপক্ৰম হৈছে ৷

কৰিমগঞ্জৰ পূৱ আব্দুল্লাপুৰ গাঁৱত লংগাই নৈৰ সংহাৰী ৰূপ

By

Published : Jun 17, 2019, 10:33 AM IST

পশ্চিম কৰিমগঞ্জ , ১৭ জুন :কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত পূৱ আব্দুল্লাপুৰ গাঁৱত লংগাই নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে । নৈৰ ভয়ংকৰ গৰাখহনীয়াই গাঁওখনৰ শতাধিক পৰিয়ালৰ নিদ্ৰা হৰণ কৰিছে ।ইতিমধ্যে এই গাঁওখনৰ সাতটাকৈ বাসগৃহ নৈৰ বুকুত জাহ গৈছে । বৰ্তমান গাঁওখনৰ ইছলাম উদ্দিন নামৰ এগৰাকী দৰিদ্ৰ লোকৰ বাসগৃহটো নৈত জাহ যোৱাৰ উপক্ৰম হৈছে ৷

কৰিমগঞ্জৰ পূৱ আব্দুল্লাপুৰ গাঁৱত লংগাই নৈৰ সংহাৰী ৰূপ

বহুতে নিজৰ ঘৰবাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে । অভিযোগ অনুসৰি একাংশ অসাধু ব্যবসায়ীয়ে বন বিভাগক মেনেজ কৰি নিতৌ নৈৰ বুকু খান্দি অবৈধ বালিৰ বেহা চলাই গৈছে । যাৰ ফলত ভাৰসাম্য হেৰুৱাইছে লংগাই নৈয়ে । ইপিনে বছৰৰ পিচত বছৰ ধৰি এই গাঁওখনত লংগাই নৈৰ গৰাখহনীয়া অব্যাহত থাকিলেও খহনীয়া ৰোধ কৰিবলৈ জলসম্পদ বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ গাঁওবাসীৰ ।

ABOUT THE AUTHOR

...view details