অসম

assam

ETV Bharat / state

কৰিগঞ্জত খোদ আৰক্ষী বিষয়াই উলংঘা কৰিলে লক ডাউনৰ নিয়ম - লক ডাউনৰ নিয়ম উলংঘা কৰিলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন সিনহাই

স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা এখন ফুটবল প্ৰতিযোগিতা উপস্থিত থকা দেখা গ'ল এগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াক ৷

Lock down rule violated by a police officer at Karimganj
কৰিগঞ্জত খোদ আৰক্ষী বিষয়াই উলংঘা কৰিলে লক ডাউনৰ নিয়ম

By

Published : Aug 16, 2020, 11:35 PM IST

কৰিমগঞ্জ, 16 আগষ্ট: ৰাজ্যত অব্যাহত আছে কৰণা ভাইৰাছৰ আতংক ৷ এই আতংকৰ বাবে ৰাজ্যৰ বহু কেইখন জিলাত বাহাল আছে লক ডাউন ৷ কিন্তু স্বাধীনতা দিৱসৰ দিনটোতে চৰকাৰৰ এই নিৰ্দেশনা ভংগ কৰিলে খোদ এগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াই ৷ স্বাধীনতা দিৱস উপলক্ষে দেওবাৰে কৰিমগঞ্জৰ বিনোদিনী গাঁও পঞ্চায়তৰ বালিয়া বজাৰত অনুষ্ঠিত হোৱা এখন ফুটবল প্ৰতিযোগিতাত উপস্থিত থকা দেখা গ'ল নিলামবজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন সিনহাক ৷

কৰিগঞ্জত খোদ আৰক্ষী বিষয়াই উলংঘা কৰিলে লক ডাউনৰ নিয়ম

উল্লেখ্য যে, চৰকাৰী নীতি নিয়ম ভংগ কৰি স্বাধীনতা দিৱসৰ উপলক্ষে দেওবাৰে কৰিমগঞ্জৰ বিনোদিনী গাঁও পঞ্চায়তৰ বালিয়া বজাৰত অনুষ্ঠিত হৈছিল এখন ফুটবল প্ৰতিযোগিতা ৷ কিন্তু উক্ত খেল খনত বাধা দিয়াৰ পৰিৱৰ্তে খোদ নিজেই উপস্থিত থাকি খেল উপভোগ কৰে নিলামবজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন সিনহাই ৷ ইয়াকে লৈ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া ৷ চৰকাৰী নীতি নিৰ্দেশনা উলংঘা কৰি এনে ৰাজহুৱা সমাগমক বাধা প্ৰদান নকৰি এগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়া নিজেই উপস্থিত থকা ঘটনাক সহজে মানি ল’ব পৰা নাই ৰাইজে ৷

লগতে পঢ়ক : যোগাসনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াইছে মালিগাঁৱৰ কুহি ডেকাই

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details