কৰিমগঞ্জ, 24 ছেপ্তেম্বৰ : কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ ভদ্ৰগুল এলেকাত ৰাইজে নিৰ্মাণ কৰি উলিয়ালে এখন কাঠৰ দলং ৷ নিজৰ গাঁঠিৰ ধন ভাঙি স্থানীয় লোকে নিৰ্মাণ কৰিলে দলংখন ৷ উল্লেখযোগ্য যে, কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ ভদ্ৰগুল এলেকাত বসবাস কৰা প্ৰায় সহস্ৰাধিক লোকৰ একমাত্ৰ যাতায়তৰ কেন্দ্ৰ হৈছে এই দলংখন ৷
গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে দলং - পাথাৰকান্দি সমষ্টিৰ ভদ্ৰগুল এলেকা
কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ ভদ্ৰগুল এলেকাত নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰি উলিয়ালে দলং ৷ চৰকাৰী পক্ষই দলংখনৰ নিৰ্মাণত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন ৷
দলংখন নিৰ্মাণৰ বাবে বহুবাৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাইও কোনো সুফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ দলংখনৰ দুৰৱস্থাৰ বাবে প্ৰতিবছৰে গাঁওবাসীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰি আহিছে দলংখন ৷ প্ৰতিবছৰ বাৰিষাৰ সময়ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে বিপদ সংকুল যাত্ৰা কৰিব লগা হয় দলংখনেৰে ৷ ইয়াৰোপৰি দলঙৰ দুৰৱস্থাৰ বাবে বহু সময়ত দুৰ্ঘটনাও সংঘটিত হৈ আহিছে ৷ ইমানৰ পাচতো চৰকাৰে কাণষাৰ নিদিয়াত উপায়ন্তৰ হৈ গাঁওবাসীয়ে নিজেই নিৰ্মাণ কৰে দলংখন ৷
লগতে পঢ়ক :উৎকোচ লৈ গ্ৰেপ্তাৰ ধুবুৰীৰ দুই আৰক্ষী বিষয়া