কৰিমগঞ্জ,17 নৱেম্বৰ: দেওবাৰে কৰিমগঞ্জত 8 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে স্থানীয় ৰাইজে । ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত জিলা প্ৰশাসনে কাণ্ডজ্ঞানহীনভাৱে মাটি দমাই ৰখাৰ প্ৰতিবাদত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে স্থানীয় ৰাইজে । উল্লেখ্য যে, দুই ঘণ্টা ধৰি অব্যাহত থকা এই পথ অৱৰোধত বন্দী হ'বলগীয়া হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী । পথৰ ওপৰত এনেধৰণে অবিবেচকভাৱে মাটি পেলাই ৰখাৰ বাবে উক্তস্থানত কেইবাটাও পথ দুৰ্ঘটনাত বহুকেইজন লোক আহত হোৱাৰ লগতে মৃত্যু পৰ্যন্ত হৈছে ।
কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় ৰাইজৰ - কৰিমগঞ্জত 8 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় ৰাইজৰ
কৰিমগঞ্জত 8 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৰাইজৰ ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত জিলা প্ৰশাসনে কাণ্ডজ্ঞানহীন ভাৱে মাটিৰ দম পেলাই থোৱাৰ প্ৰতিবাদত অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে ৰাইজে ৷
কৰিমগঞ্জত 8 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় ৰাইজৰ
ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণৰ অবৈধ কৰ্মকাণ্ডৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । এই ঘটনাত উপস্থিত হৈ উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰুকায়স্থই জিলা প্ৰশাসনৰ এই কাণ্ডৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ পৰে ৷