ত্ৰিপুৰা, 8 মে' : অসম ত্ৰিপুৰা সীমান্তক কৰিডৰ হিচাপে ব্যবহাৰ কৰি ত্ৰিপুৰাৰ পৰা বাংলাদেশলৈ নিচা সামগ্ৰী সৰবৰাহ অব্যাহত ৰাখিছে একাংশ অসাধু ব্যবসায়ীয়ে । অসম আৰক্ষীৰ চকুত ধুলি দি অব্যাহত আছে বিলাতী সুৰা, গাঞ্জা, কফ চিৰাপ আদিকে ধৰি বিভিন্ন নিচা সামগ্ৰীৰ সৰবৰাহ।
অসম-ত্ৰিপুৰা সীমান্তত জব্দ অবৈধ সুৰা
ত্ৰিপুৰা আৰক্ষীৰ অভিযানত সুৰা জব্দ হোৱাৰ পাচতেই পোহৰলৈ আহে অসম আৰক্ষী নিষ্ক্ৰিয় ভূমিকাৰ কথা ৷ মঙলবাৰে ত্ৰিপুৰা আৰক্ষীৰ অভিযানত পানিসাগৰ এলেকাৰ পৰা জব্দ এখন অবৈধ সুৰা ভৰ্তি ট্ৰাক৷ গুৱাহাটীৰ পঞ্জীয়ন থকা AS 01 JC 9374 নম্বৰৰ ট্ৰাকখনৰ পৰা জব্দ হৈছে দহ হাজাৰৰো অধিক মেঘালয়ত প্ৰস্তুত বিলাতী সুৰা৷
অসম-ত্ৰিপুৰা সীমান্তত জব্দ অবৈধ সুৰা
মঙলবাৰে ত্ৰিপুৰা আৰক্ষীৰ অভিযানত পানিসাগৰ এলেকাৰ পৰা জব্দ এখন অবৈধ সুৰা ভৰ্তি ট্ৰাক৷ গুৱাহাটীৰ পঞ্জীয়ন থকা AS 01 JC 9374 নম্বৰৰ ট্ৰাকখনৰ পৰা জব্দ হৈছে দহ হাজাৰৰো অধিক মেঘালয়ত প্ৰস্তুত বিলাতী সুৰা৷ সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় 18 লাখ টকা বুলি জানবলৈ দিয়ে আৰক্ষীয়ে৷ আৰক্ষীৰ অভিযানত পলাই সাৰিবলৈ সক্ষম হয় ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন৷