কৰিমগঞ্জত ৰথযাত্ৰাৰ প্ৰস্তুতি
জিলাখনৰ পাথাৰকান্দিত শুক্ৰবাৰে আয়োজন কৰা হৈছে জগন্নাথ দেৱৰ ওলোটা ৰথ যাত্ৰাৰ অন্তিমটো যাত্ৰা । অঞ্চলটোত বহু বছৰ ধৰি পালিত হৈ আহিছে এই উৎসৱ ।
জগন্নাথ দেৱৰ অন্তিমটো যাত্ৰাৰ আয়োজন
কৰিমগঞ্জ, ১২ জুলাই : পাথাৰকান্দিৰ খালপাৰ গাঁৱত আয়োজন কৰা হৈছে ৰথযাত্ৰাৰ । দক্ষিণ বিলবাৰী, উত্তৰ বিলবাৰী, পাত্ৰাগ্ৰাম, মন্ত্ৰী গ্ৰাম, ছাত্ৰাগ্ৰাম, পেকুৰগ্ৰাম আৰু নয়াডহৰ এই সাতখন গাঁৱৰ ৰাইজে আয়োজন কৰিছে এই ৰথযাত্ৰাৰ । ৰথযাত্ৰাৰ অন্তিমটো আখৰা যোৱা নিশা প্ৰতিখন গাঁৱতে সমাপ্ত হৈছে । কিছু দিনৰ পৰা ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণেও কমাব পৰা নাই ৰাইজৰ উছাহ ।