পাথাৰকান্দি,21 জুনঃকংগ্ৰেছ চৰকাৰৰ কাৰ্যকালতে নিৰ্মাণ হোৱা এটা জনস্বাস্থ্য কেন্দ্ৰ,কিন্তু চৰকাৰ সলনি হোৱা পিছতো বৰ্তমানলৈ উদ্বোধন নহ'ল এই কেন্দ্ৰটো ৷ ফলত গৰু ছাগলীৰ নিৰাপদ আশ্ৰয়স্থলীলৈ পৰিণত হৈছে পাথাৰকান্দি বিধানসভা সমষ্টিৰ অসম মিজোৰাম ত্ৰিপুৰা সীমান্তৱৰ্তী এই স্বাস্থ্য কেন্দ্ৰটো ৷
গৰু ছাগলীৰ আশ্ৰয়স্থলীলৈ পৰিণত পাথাৰকান্দিৰ এটা স্বাস্থ্য কেন্দ্ৰ! - স্বাস্থ্য কেন্দ্ৰ
উল্লেখ্য যে 2015 চনৰ 4 জানুৱাৰীত স্থাপন কৰা পাথাৰকান্দি বিধানসভা সমষ্টিৰ স্বাস্থ্যকেন্দ্ৰটো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিচতো মুকলি নহ'ল আজি পৰ্যন্ত ৷
উল্লেখ্য যে 2015 চনৰ 4 জানুৱাৰীত স্থাপন কৰা হৈছিল পাথাৰকান্দি বিধানসভা সমষ্টিৰ এই স্বাস্থ্যকেন্দ্ৰটো ৷ হাস্পতাল নিৰ্মাণৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আবন্টন দিছিল 1 কোটি 8 লাখ টকা কিন্তু ইয়াৰ পিছতো চিকিৎসাৰ বাবে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা অথবা 30 কিলোমিটাৰ দূৰৱৰ্তী বাজাৰিচৰা স্বাস্থ্য কেন্দ্ৰলৈ যাবলগা হয় বৃহত্তৰ ৰাঙ্গামাটি,বালিপিপলা,ঝেৰঝেৰী,কণটেকছড়া,খাগৰা লৈকে প্ৰায় 20খন গাঁৱৰ লোক ৷
পৰিৱৰ্তনকামী চৰকাৰৰ এনে ধৰণৰ পৰিৱৰ্তনৰ ফলত জ্বলাকলা খাইছে স্থানীয় বাসিন্দাসকলে তাৰ পিচতো যেন এখন্তেক চিন্তা কৰিবলৈ আহৰি নাই বিভাগীয় কতৃপক্ষৰ ৷ কংগ্ৰেছৰ দিনতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ল যদিও আজিলৈকে উদ্বোধন নহ'ল স্বাস্থ্যকেন্দ্ৰটো ৷ যাৰ বাবে জীয়াতু ভুগিব লগা হৈছে সাধাৰণ ৰাইজে ৷