কৰিমগঞ্জ, 19 ছেপ্টেম্বৰ :অপৰাধ তথা অপৰাধীৰ বিৰুদ্ধে সদা সস্তম অসম আৰক্ষী (Anti drugs campaign of Assam Police) ৷ বিভিন্ন সময়ত অসম আৰক্ষীয়ে চলোৱা অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ নিচাজাতীয় সামগ্ৰীব জব্দ কৰাৰ লগতে বহু অপৰাধীকো আটক কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ৷
কিন্তু ইমানৰ পাচতো গাত কথা লগা নাই একাংশ দুষ্ট মনোবৃত্তিৰ লোকৰ ৷ আনকি বহু অপৰাধীয়ে ন ন কৌশল অৱলম্বন কৰি ৰাজ্যত অব্যাহত ৰাখিছে ড্ৰাগছ তথা অন্য সামগ্ৰীৰ সৰবৰাহ ৷ অসম আৰক্ষীৰ এই অভিযানৰ মাজতে কৰিমগঞ্জত পোহৰলৈ আহিছে ড্ৰাগছ সৰবৰাহৰ আন এক নতুন কৌশল ।
এইবাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ভিতৰৰ পৰা ওলাল প্ৰায় 4.5 কোটি টকাৰ হেৰ’ইন ।
ঘটনাৰ বিৱৰণি অনুসৰি, এক গোপন সূত্ৰৰ তথ্যৰ আধাৰত পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত কাবাৰিবন্দ গাঁৱত আৰক্ষীয়ে চলায় অভিযান ৷ এই অভিযানত আৰক্ষীয়ে কাবাৰিবন্দ গাঁৱৰ জামিল উদ্দিন নামৰ এজন লোকৰ ঘৰৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় (Large quantity of Heroin seized in Karimganj)৷