কৰিমগঞ্জ,25 ফেব্ৰুৱাৰী:কৰিমগঞ্জৰ পাথাৰকান্দিত সংঘটিত ভূমিস্খলনৰ ফলত এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ লগতে মহিলাসহ এটি শিশু আহত হৈছে ৷ লিয়াকত আলী নামৰ যুৱক গৰাকী নিহত হোৱাৰ বিপৰীতে তাহেৰা বেগম নামৰ মহিলাগৰাকী আৰু মাছুমা পাৰবীন নামৰ এটি পাঁচ বছৰীয়া শিশু ভূমিস্খলনত গুৰুতৰভাৱে আহত হৈছে ৷
পাথাৰকান্দিৰ ইচাৰপাৰ নামৰ এখন গাঁৱত এই ঘটনা সংঘটিত হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, ঘৰুৱা কাম-কাজ কৰি থকাৰ সময়তে হঠাৎ ঘৰৰ কাষৰ এটা টিলাৰ পৰা এটা বৃহৎ অংশ আলীৰ ঘৰৰ ওপৰত খহি পৰে ৷ ফলত আলী সম্পূৰ্ণৰূপে মাটিৰ তলত সোমাই যায় ৷ ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ উদ্ধাৰ কাৰ্যত নামি পৰে যদিও বিফল হৈ কটামনি আৰক্ষীক খবৰ দিয়ে ৷