কৰিমগঞ্জ, 2 জুন : কৰিমগঞ্জত ভয়াবহ ভূমিস্খলনৰ ফলত একেটা পৰিয়ালৰে পাঁচ জন সদস্যই প্ৰাণ হেৰুৱাব লগা হ'ল ৷ কৰিমগঞ্জৰ কালীগঞ্জ এলেকাৰ কৰিমপুৰ 10 নম্বৰ ৱাৰ্ডত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা ৷ শুই থকা অৱস্থাতে প্ৰাণ হেৰুৱাই আজিৰ উদ্দিন(56), তেওঁৰ পত্নী ৰাজিয়া বেগম(40), দুই পুত্ৰ আফতাৰ হুছেইন(10),আনোৱাৰ উদ্দিন(7) আৰু কন্যা তাহেৰা বেগমে(5) ।
কৰিমগঞ্জত ভূমিস্খলন : প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে 5 সদস্যই - কৰিমগঞ্জত ভয়াবহ ভূমিস্খলন
কৰিমগঞ্জত ভয়াবহ ভূমিস্খলন ৷ প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে 5 সদস্যই ৷
![কৰিমগঞ্জত ভূমিস্খলন : প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে 5 সদস্যই প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে 5 সদস্যই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7440984-thumbnail-3x2-ka-2.jpg)
কৰিমগঞ্জত ভূমিস্খলন
কৰিমগঞ্জত ভূমিস্খলন
ঘটনাস্থলীত এছডিআৰএফ বাহিনী উপস্থিত হোৱাৰ পূৰ্বেই স্থানীয় ৰাইজে মাটি খান্দি মৃতদেহ কেইটা উদ্ধাৰ কৰে ৷ ঘটনাস্থলীত উপস্থিত হৈছে চক্ৰ বিষয়া আৰু কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষী বিষয়া । বৰ্তমান সমগ্ৰ ঘটনাকলৈ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷
Last Updated : Jun 2, 2020, 12:58 PM IST