কৰিমগঞ্জ, 29 অক্টোবৰ : শুকুৰবাৰে ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা । কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ ম্লান পৰিছে পূজাৰ আনন্দ-উচাহ ৷ ক'ভিড প্ৰট’কল মানি পূজা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজ । পূজাৰ বজাৰতো এইবাৰ কৰ’ণাৰ বিশেষ প্ৰভাৱ পৰিছে । প্ৰায় সেমেকা হৈ ৰৈছে ৰাজ্যৰ চহৰ সমূহৰ বজাৰ-সমাৰ ।
কাইলৈ লক্ষ্মী পূজাঃ সেৰেঙা কৰিমগঞ্জৰ পূজাৰ বজাৰ - কৰ‘ণা মহামাৰী
ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কৰিগঞ্জতো প্ৰতি বছৰে দেৱী প্ৰতিমাৰ লগতে অন্য সামগ্ৰী বিক্ৰী কৰি উপাৰ্জনৰ বাট মোকলাইছিল একাংশ লোকে ৷ কিন্তু চলিত বৰ্ষত কৰ‘ণা মহামাৰীয়ে সৃষ্টি কৰা পৰিৱেশৰ ফলত পূৰ্বৰ দৰে জাক জমকতাৰ সলনি অনুষ্টুপীয়াকৈ পূজা আয়োজন কৰিছে কৰিমগঞ্জৰ ভক্ত প্ৰাণ ৰাইজে ৷

কাইলৈ লক্ষ্মী পূজাঃ সেৰেঙা কৰিমগঞ্জৰ পূজাৰ বজাৰ
ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কৰিগঞ্জতো প্ৰতি বছৰে দেৱী প্ৰতিমাৰ লগতে অন্য সামগ্ৰী বিক্ৰী কৰি উপাৰ্জনৰ বাট মোকলাইছিল একাংশ লোকে ৷ কিন্তু চলিত বৰ্ষত কৰ‘ণা মহামাৰীয়ে সৃষ্টি কৰা পৰিৱেশৰ ফলত পূৰ্বৰ দৰে জাক জমকতাৰ সলনি অনুষ্টুপীয়াকৈ পূজা আয়োজন কৰিছে কৰিমগঞ্জৰ ভক্ত প্ৰাণ ৰাইজে ৷ যাৰ ফলত এতিয়া পূজাৰ সামগ্ৰী বিক্ৰী কৰা বিপণীৰ স্বত্বাধিকাৰীসকলে মূৰে-কপালে হাত দিবলগীয়া হৈছে ৷
লগতে পঢ়ক: কলঙৰ বুকুৱেদি পুনৰ প্ৰৱাহিত হ'ব বুঢ়া লুইতৰ পানী