কৰিমগঞ্জ, 11 ডিচেম্বৰ: কৰিমগঞ্জৰ কেইবাখনো বাগিছাত শ্ৰমিক আৱাসৰ আধাৰশিলা স্থাপন কৰিলে শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে ৷ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচত পোনপ্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ বৰাক উপত্যাকাত উপস্থিত হৈয়েই চাহ শ্ৰমিকসকলক আকৃষ্ট কৰাৰ প্ৰচেষ্টা কৰিলে মন্ত্ৰীগৰাকীয়ে ৷
কৰিমগঞ্জৰ কেইবাখনো বাগিছাত শ্ৰমিক আৱাসৰ আধাৰশিলা স্থাপন - আধাৰশিলা
মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচত পোনপ্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত উপস্থিত হয় মন্ত্ৰী সঞ্জয় কিষাণ ৷ বৰাক উপত্যকাত উপস্থিত হৈয়েই কৰিমগঞ্জৰ কেইবাখনো বাগিছাত শ্ৰমিক আৱাসৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী সঞ্জয় কিষাণে ৷
![কৰিমগঞ্জৰ কেইবাখনো বাগিছাত শ্ৰমিক আৱাসৰ আধাৰশিলা স্থাপন শ্ৰমিক আৱাসৰ আধাৰশিলা স্থাপন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9839826-thumbnail-3x2-kk.jpg)
শ্ৰমিক আৱাসৰ আধাৰশিলা স্থাপন
কৰিমগঞ্জৰ কেইবাখনো বাগিছাত শ্ৰমিক আৱাসৰ আধাৰশিলা স্থাপন
কৰিমগঞ্জ জিলাৰ উত্তৰ কৰিমগঞ্জ, পাথাৰকান্দি আৰু ৰাতাবাৰী সমষ্টিৰ অসম চাহ কৰ্প'ৰেশ্যনৰ অন্তৰ্গত কেইবাখনো বাগিছাত শ্ৰমিক সকলৰ বাবে শ্ৰমিক আৱাসৰ আধাৰশিলা স্থাপন কৰে তেওঁ ৷ লগতে ভিন্ন বাগিছাত অনুষ্ঠিত কেইবাখনো সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী সঞ্জয় কিষাণে ৷
লগতে পঢ়ক:দুই এক বিক্ষিপ্ত ঘটনাৰ মাজেৰে সমাপ্ত হ’ল বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ