অসম

assam

ETV Bharat / state

কোৱাৰেন্টাইন কেন্দ্ৰত অনিয়মঃ ব্যৱস্থাৰ গ্ৰহণৰ নিৰ্দেশ বিধায়ক কৃষ্ণেন্দু পালৰ - কৰিমগঞ্জৰ কোৱাৰেন্টাইন চেন্টাৰত অনিয়ম

কৰিমগঞ্জৰ কোৱাৰেন্টাইন কেন্দ্ৰসমূহ পৰিদৰ্শন পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালৰ । কোৱাৰেন্টাইন কেন্দ্ৰসমূহত বিশুদ্ধ খোৱাপানী দিয়াৰ লগতে লোকসকলক সময়মতে খাদ্যৰ যোগান দিয়াৰ বাবেও বিভিন্ন বিভাগৰ অধিকাৰীসকলক নিৰ্দেশ প্ৰদান কৰে বিধায়কগৰাকীয়ে ।

Krishnendu Pal orders to take strict action against qurantine center scam
কৰিমগঞ্জৰ কোৱাৰেন্টাইন চেন্টাৰত অনিয়মঃ বিহিত ব্যৱস্থাৰ নিৰ্দেশ বিধায়ক কৃষ্ণেন্দু পালৰ

By

Published : May 24, 2020, 1:06 PM IST

কৰিমগঞ্জ, 24 মেঃ কৰিমগঞ্জৰ কোৱাৰেন্টাইন কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালে । কোৱাৰেন্টাইন কেন্দ্ৰসমূহত খাদ্যৰ লগতে খোৱাপানী যোগানত অনিয়ম সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে । বিধায়কগৰাকীয়ে কোৱাৰেন্টাইন কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি একাংশ চৰকাৰী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে সকীয়নী প্ৰদান কৰে । কোৱাৰেন্টাইন কেন্দ্ৰসমূহত বিশুদ্ধ খোৱাপানীৰ লগতে সময়মতে খাদ্যৰ যোগান ধৰাৰ বাবেও বিভিন্ন বিভাগৰ অধিকাৰী সকলক নিৰ্দেশ প্ৰদান কৰে বিধায়ক কৃষ্ণেন্দু পালে । অসম ত্ৰিপুৰা সীমান্তৰ ডাটা এন্ট্ৰি অপাৰেটৰৰ দায়িত্বত থকা টেট শিক্ষক সকলৰ বাবে পিপিই কীট, হাতমোজা, শৌচালয়ৰ ব্যৱস্থা নথকা সন্দৰ্ভত মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে, প্ৰথম দুই এদিন এইধৰণৰ সমস্যাৰ সৃষ্টি হৈছিল যদিও এতিয়া সকলো ঠিকে আছে ।

হৃদৰোগীক কোৱাৰেন্টাইন চেন্তাৰলৈ প্ৰেৰণ
কৰিমগঞ্জৰ কোৱাৰেন্টাইন চেন্টাৰ পৰিদৰ্শন কৃষ্ণেন্দু পালৰ

আনহাতে, জিলাখনত স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰতো সৃষ্টি হৈছে ব্যাপক খেলি মেলিৰ । হৃদৰোগত আক্ৰান্ত ৰোগীক পঠিয়াই দিয়া হৈছে কোৱাৰেন্টাইন কেন্দ্ৰলৈ । উল্লেখ্য যে, দিলীপ ৰায় নামৰ 51 বৰ্ষীয় এগৰাকী লোক দীৰ্ঘদিন ধৰি হৃদ ৰোগত আক্ৰান্ত হৈ আছিল । যোৱা কেইদিনমান ধৰি তেওঁৰ সমস্যা অধিক বৃদ্ধি পোৱাৰ পিছতেই পৰিয়ালৰ লোকে তেখেতক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ যায় । কৰ্তব্যৰত চিকিৎসকে ব্যক্তিজনক কোনো পৰীক্ষা অবিহনেই শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা তেওঁক হোম কোৱাৰেণ্টাইনত থকাৰ পৰামৰ্শ দি ঘৰলৈ পঠিয়াই দিয়া হয় । কিন্ত ঘৰলৈ আহি তেখেতৰ সমস্যা বৃদ্ধি পোৱাত শনিবাৰে নিশা লোকজনক পুনৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসালয়খনত কৰ্তব্যৰত চিকিৎসকে কোনো পৰীক্ষা নকৰাকৈয়ে লোকজনক কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়ে । কৰ্তব্যৰত চিকিৎসক এজনৰ এনে দায়িত্বজ্ঞানহীন কৰ্মকাণ্ডই চিন্তিত কৰি তুলিছে দিলীপ ৰায় পৰিয়ালৰ লোকক ।

লগতে পঢ়ক-মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ ধেমাজি জিলা সাংবাদিক সংস্থাৰ

ABOUT THE AUTHOR

...view details