অসম

assam

ETV Bharat / state

আজৱঃ মহাবিদ্যালয় কৰ্তৃপক্ষই নাজানে পৰীক্ষাৰ সময় ! - নিলামবজাৰ মহাবিদ্যালয়

পৰীক্ষাৰ সময়সূচী অনুসৰি সকলো মহাবিদ্যালয়তে মঙলবাৰে পুৱা চাৰে দহ বজাত আৰম্ভ হয় চতুৰ্থ ষান্মাষিকৰ শিক্ষাতত্বৰ পৰীক্ষা ৷ কিন্তু নিলামবজাৰ মহাবিদ্যালয়ত পুৱা ১০-৩০বজাৰ বিপৰীতে দিনৰ ১-৩০ বজাতহে আৰম্ভ হয় এই পৰীক্ষা ৷

প্ৰশ্নকাকত ফাদিল হোৱাৰ পিচতো নিলামবজাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ল পৰীক্ষা

By

Published : May 28, 2019, 9:27 PM IST

কৰিমগঞ্জ, 28 মে': কৰিমগঞ্জৰ এখন বিশ্ববিদ্যালয়ৰ এক ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জিলাখনৰ সচেতন মহলত ৷ অসম বিশ্ববিদ্যালয়ৰ অধীনত কাছাৰ,কৰিমগঞ্জ,হাইলাকান্দি,উত্তৰকাছাৰ জিলাত স্নাতক চতুৰ্থ ষান্মাষিকৰ পৰীক্ষা চলি থকাৰ মাজতেই কৰিমগঞ্জত সংঘটিত হয় ব্যাপক অনিয়ম ৷

প্ৰশ্নকাকত ফাদিল হোৱাৰ পিচতো নিলামবজাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ল পৰীক্ষা

উল্লেখ্য যে, পৰীক্ষাৰ সময়সূচী অনুসৰি সকলো মহাবিদ্যালয়তে মঙলবাৰে পুৱা চাৰে দহ বজাত আৰম্ভ হয় চতুৰ্থ ষান্মাষিকৰ শিক্ষাতত্বৰ পৰীক্ষা ৷ কিন্তু আচৰিত ভাবে নিলামবজাৰ মহাবিদ্যালয়ত দিনৰ 1.30 মিনিটতহে আৰম্ভ হয় পৰীক্ষা । মহাবিদ্যালয়ৰ অধ্যক্ষৰ মতে বিশ্ববিদ্যালয়ৰ পৰা দিয়া সময়সূচী অনুসৰি দুপৰীয়া1.30 মিনিটতহে পৰাহে আছিল শিক্ষাতত্বৰ পৰীক্ষা৷

কিন্তু বিশ্ববিদ্যালয়ৰ পৰা পিচৰ সময়ত দিয়া সময়সূচী অনুসৰি এই সময় পুনৰ পুৱা চাৰে দহ বজালৈ সলনি কৰা হয় ৷ কিন্তু এই বিষয়ে জ্ঞাত নহয় মহাবিদ্যালয় কৰ্তৃপক্ষ ৷ সেয়েহে পৰীক্ষাৰ প্ৰশ্ন ফাদিল হোৱাৰ পিচতো এইদৰে পৰীক্ষা অনুষ্ঠিত কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ৷

ABOUT THE AUTHOR

...view details