অসম

assam

ETV Bharat / state

চৰকাৰী নিৰ্দেশনা নমনা দুচকীয়া বাহনৰ চালকক জৰিমনা - government circular

কোকৰাঝাৰত কঠোৰ হৈছে জিলাখনৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী । মহামাৰী ক'ৰণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ঘোষণা কৰা কঠোৰ নিৰ্দেশনাক অৱমাননা কৰি একাংশই কোকৰাঝাৰ চহৰখনত বিনা দ্বিধাই ঘূৰি ফুৰিছে । মাস্ক আৰু হেলমেট পিন্ধাটো বাদেই, যান বাহনৰ নীতি নিৰ্দেশনাকো গুৰুত্বহীন কৰি পথত ঘূৰি ফুৰিছে এচামে ।

kokrajhar-police-strict-on-without-helmet-rider
কোকৰাঝাৰত চৰকাৰী নিৰ্দেশনা নমনা দুচকীয়া বাহনৰ চালকক জৰিমনা

By

Published : Jul 6, 2020, 10:36 PM IST

কোকৰাঝাৰ,৬ জুলাই: সোমবাৰেও কোকৰাঝাৰ চহৰত দেখা গ'ল প্ৰশাসনৰ নিৰ্দেশনা নমনা সকলক উচিত শাস্তি দিয়াৰ বাবে আৰক্ষীৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ তালাচী । চহৰখনৰ মুখ্য পথসমূহৰ লগতে আৰক্ষী থানাৰ লগতে থকা পথত যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে মাস্ক ব্যৱহাৰ নকৰা দুচকীয়া বাহনৰ চালকৰ লগতে হেলমেট পৰিধান নকৰা সকলক জৰিমনা বিহে । তাৰোপৰি প্ৰয়োজনীয় নথি পত্ৰ নথকাসকলৰ পৰাওঁ সংগ্ৰহ কৰিলে জৰিমনা ।

হেলমেট পৰিধান নকৰা আৰু বাইকত দুজন উঠাসকলক বিহিলে শাস্তি

উল্লেখ্য যে, চহৰখনত দুচকীয়া বাহনত দুজনকৈ ব্যক্তি উঠাৰ ক্ষেত্ৰতো আছিল নিষেধাজ্ঞা । মহামাৰী ক'ৰণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনা নমনা এইসকল দুচকীয়া বাহনৰ চালকৰ পৰা চহৰখনত এসপ্তাহতে এক লাখ ত্ৰিছ হেজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰাৰ কথা জনালে চহৰখনৰ যান বাহন নিয়ন্ত্ৰন শাখাৰ গিয়াস উদ্দীন আহমেদ নামৰ আৰক্ষী বিষয়া গৰাকীয়ে ।

আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে মাস্ক পৰিধান নকৰা সকলৰ পৰা ৫০০, হেলমেট পৰিধান নকৰা সকলৰ পৰা ১০০০ আৰু দুচকীয়া বাহনত দুজন উঠা সকলৰ পৰা ২০০০ টকাকৈ জৰিমনা সংগ্ৰহ কৰা হৈছে।

ABOUT THE AUTHOR

...view details