অসম

assam

ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত হাইলাকান্দিত ৷ প্ৰায় এবছৰে কাৰাবন্দী হৈ থকা কৃষক মুক্তিৰ নেতাগৰাকীক মুক্তি দিয়াৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

By

Published : Dec 23, 2020, 2:38 PM IST

Updated : Dec 23, 2020, 3:51 PM IST

অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ
অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ

হাইলাকান্দি,23 ডিচেম্বৰ: বৰাক উপত্যকাৰ কৰিমগঞ্জত বুধবাৰৰ পৰা আৰম্ভ হৈছে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৷ উক্ত সভাত উপস্থিত হৈছে বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ নেতাসকলৰ লগতে দলটোৰ সকলো মন্ত্ৰী-বিধায়ক ৷ একপ্ৰকাৰ মিনি দিশপুৰলৈ পৰিণত হৈছে কৰিমগঞ্জ ৷ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণৰ লগতে বৰাকৰ প্ৰশাসনিক স্থিতিৰ বুজ ল’বলৈ তিনি জিলাৰ প্ৰশাসনৰ সৈতে হাইলাকান্দিত এক বিশেষ সভাত মিলিত হ’ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ

ইপিনে মুখ্যমন্ত্ৰীগৰাকী হাইলাকান্দিত উপস্থিত হোৱাৰ প্ৰাক মুহুৰ্তত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাংশ দলীয় নেতা-কৰ্মীয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰায় এবছৰে কাৰাবন্দী হৈ থকা কৃষক মুক্তিৰ নেতা অখিল গগৈক মুক্তি দিয়াৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ বুধবাৰে দিনৰ ১২ বজাৰ পৰা হাইলাকান্দি নগৰৰ পুৰণি হাস্পতাল চাৰিআলিত ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাৰ কৰ্মীসকলে ৷ প্ৰতিবাদকাৰীসকলে প্লে’ কাৰ্ড লৈ মুখ্যমন্ত্ৰী গ’ বেক ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷ পিছত আৰক্ষীয়ে শতাধিক প্ৰতিবাদকাৰীক আটক কৰি মুক্ত কৰে ৰাজপথটো ৷

লগতে চাওকঃ9 মাহৰ বিৰতিৰ পিছত দ্বাৰ খুলিব জগন্নাথ মন্দিৰৰ

Last Updated : Dec 23, 2020, 3:51 PM IST

ABOUT THE AUTHOR

...view details