কৰিমগঞ্জ,4 অক্টোবৰঃ কৰিমগঞ্জৰ এগৰাকী যুৱতীক অপহৰণ কৰি হত্যা কৰাৰ অভিযোগ উঠিছে যুৱতীৰ প্ৰেমিকৰ বিৰুদ্ধে ৷ উল্লেখযোগ্য যে, দুদিন পূৰ্বৰে পৰা কৰিমগঞ্জৰ আম্বাৰখানা গাঁৱৰ শৈলেষ নমশুদ্ৰৰ জীয়ৰি শিৱানী ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ দুদিন পূৰ্বে স্থানীয় লোকে যুৱতী গৰাকীৰ মৃতদেহ লংগাই নৈত প্ৰতক্ষ্য কৰি উদ্ধাৰ কৰে ৷ প্ৰথমে মৃত যুৱতী গৰাকীৰ চিনাক্ত হোৱা নাছিল যদিও শনিবাৰে নিশা পৰিয়ালৰ লোকে কৰিমগঞ্জৰ চিকিৎসালয়ৰ মৰ্গত চিনাক্ত কৰে যুৱতী গৰাকীক ৷
চিনাক্ত হ’ল কৰিমগঞ্জৰ লংগাই নৈত উদ্ধাৰ হোৱা মৃতদেহৰ
মৃত যুৱতী গৰাকীক প্ৰেমিকে হত্যা কৰি নৈত পেলোৱাৰ অভিযোগ পিতৃৰ ৷ দীৰ্ঘ দিনৰ পৰাই প্ৰেমিক শ্যামল দেৱনাথে বিভিন্ন ভাবুকি প্ৰদান কৰি আহিছিল বুলিও অভিযোগ কৰিছে পিতৃয়ে ৷
মৃত যুৱতী গৰাকীৰ দেউতাকৰ মতে, প্ৰেমিক কাটাখালৰ শ্যামল দেৱনাথৰ সৈতে কিছু দিনৰ পূৰ্বৰে পৰা দুয়োৰে মাজতে সৃষ্টি হৈ আছিল কাজিয়াৰ ৷ প্ৰেমিক শ্যামল দেৱনাথে যুৱতী গৰাকীক বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ লগতে যুৱকজনৰ জীৱনৰ পৰা আঁতৰি যাবলৈ কৰিছিল ভাবুকি প্ৰদান ৷ যুৱকজনৰ জীৱনৰ পৰা আঁতৰি যাবলৈ অমান্তি হোৱাৰ বাবেই তেওঁক অপহৰণ কৰি নি পিছত হত্যা কৰি নৈত পেলাই দিয়া বুলি বিষ্ফোৰক অভিযোগ উত্থাপন কৰিছে মৃত যুৱতী গৰাকীৰ পিতৃয়ে ৷ সম্প্ৰতি সমগ্ৰ ঘটনাৰ সৰ্ন্দভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষী তদন্তৰ পাছত হে পোহৰলৈ আহিব প্ৰকৃততে এইয়া হত্যা নে আত্মহত্যা আছিল ৷
লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ সমষ্টিত জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে ৰাইজক