কৰমপুৰ, 4 মাৰ্চঃকৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত কৰমপুৰ গাঁৱত লংগাই নৈ পাৰ হোৱাৰ একমাত্ৰ ভৰষা হৈছে এখন জৰাজীৰ্ণ বাঁহৰ দলং ৷ এই দলঙখনেই এতিয়া একমাত্ৰ ভৰষা জোৱালি গাঁও,কামাৰবন্দ,সাতঘৰী,দুৰ্লভপুৰ,বাঘৰসাংগন আদি গাঁৱৰ প্ৰায় 25 হজাৰ লোকৰ যাতায়াতৰ ৷ বছৰৰ পিচত বছৰ ধৰি স্থানীয় লোকসকলে নিজৰ টকাৰেই মেৰামতি কৰি আহিছে দলঙখন ৷ কিন্তু বৰ্তমান অতি বিপদজনক অৱস্থাত থকা দলঙখন টকাৰ অভাৱত নিৰ্মাণ কৰিব পৰা নাই ৰাইজে ৷ বাৰিষাৰ আগমণৰ লগে লগে এই দলঙখনক লৈ চিন্তিত হৈ পৰিছে নৈ পৰীয়া লোক ৷
এখন জৰাজীৰ্ণ বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা কৰিমগঞ্জৰ কৰমপুৰ গাঁৱত - বাঘৰসাংগন
এখন জৰাজীৰ্ণ বাঁহৰ দলঙেৰে প্ৰতিদিনে বিপদসংকুলভাৱে অহা যোৱা কৰে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত কৰমপুৰ,জোৱালি গাঁও,কামাৰবন্দ,সাতঘৰী,দুৰ্লভপুৰ,বাঘৰসাংগন আদি গাঁৱৰ প্ৰায় 25 হাজাৰ লোকে ৷
BAMBOO BRIDGE
বেমাৰত আক্ৰান্ত ৰোগীক চিকিৎসালয়লৈ নিয়াৰ বাবে,নৈৰ সিপাৰৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰাৰ বাবে একমাত্ৰ যাতায়াতৰ মাধ্যম এই দলঙখন নিৰ্মাণৰ প্ৰতিশ্ৰুতি জনপ্ৰতিনিধি দি আহিছে যদিও,নিৰ্বাচনৰ পিচতে এতিয়া সেই প্ৰতিশ্ৰুতি পাহৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁলোকৰ বিৰুদ্ধে ৷
লগতে পঢ়কঃহাতীখিৰা চাহ বাগিচাৰ লকআউট প্ৰত্যাহাৰৰ নিৰ্দেশ ৰাজ্যপালৰ