অসম

assam

ETV Bharat / state

কৰিমগঞ্জৰ পাথাৰকান্দিত চোৰাং কাঠসহ এজনক আটক

কৰিমগঞ্জ জিলাৰ বন বিভাগে চলোৱা এক অভিযানত পাথাৰকান্দি সমষ্টিৰ ভাৰত বাংলাদেশ সীমান্ত সংলগ্ন ফুলকান্দি অঞ্চলতৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠৰ লগতে এজন ব্যক্তি আটক কৰে ৷

কৰিমগঞ্জৰ পাথাৰকান্দিত চোৰাং কাঠসহ এজনক আটক
কৰিমগঞ্জৰ পাথাৰকান্দিত চোৰাং কাঠসহ এজনক আটক

By

Published : Oct 22, 2020, 8:15 AM IST

কৰিমগঞ্জ, 22 অক্টোবৰঃকৰিমগঞ্জ জিলাৰ বন বিভাগৰ ধাৰাবাহিক অভিযান অব্যাহত আছে চোৰাং কাঠৰ ব্যৱসায়ীৰ বিৰুদ্ধে । পাথাৰকান্দি সমষ্টিৰ ভাৰত বাংলাদেশ সীমান্ত সংলগ্ন ফুলকান্দি এলেকাত অভিযান চলাই বুধবাৰে নিশা বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠৰ লগতে এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় ৷

কাঠসহ আটক কৰা বিলাল উদ্দিন
গোপন সূত্ৰৰ ভিত্তিত পাথাৰকান্দিৰ ৰেঞ্জৰ বন বিষয়া দেৱজিৎ নাথৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে ভাৰত বাংলাদেশ সীমান্ত সংলগ্ন ফুলকান্দি এলেকাত বি এছএফৰ সহযোগত এখন ট্রাকৰ পৰা চোৰাং কাঠ জব্দ কৰাৰ লগতেMZ-05A-0021 নম্বৰৰ বলেৰ' পিকা আপ ভান আৰু বিলাল উদ্দিন নামৰ এগৰাকী লোকক আটক কৰে ৷ উল্লেখযোগ্য যে,বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি,জব্দকৃত কাঠখিনিৰ বজাৰ মুল্য প্ৰায় দুই লাখ টকা।

ABOUT THE AUTHOR

...view details