অসম

assam

ETV Bharat / state

কৰ সংগ্ৰহ কম হোৱাৰ বাবে নিলম্বিত হ’ল পৰিবহন বিষয়া - নিলম্বিত বিষয়া

অভাৰলোডেড ট্ৰাকৰ পৰা জৰিমণা সংগ্ৰহৰ পৰিমান কম হোৱাৰ বাবেই অসম চৰকাৰে জিলা পৰিৱহন বিষয়া আৰু এনফ’ৰ্চমেন্ট বিষয়াক নিলম্বন ৷ কৰিমগঞ্জত সংঘটিত হৈছে এই ঘটনা ৷

district-transport-officer-suspended
কৰ সংগ্ৰহ কম হোৱাৰ বাবে নিলম্বিত হ’ল কৰিমগঞ্জৰ জিলা পৰিবহন বিষয়া

By

Published : Jun 17, 2021, 11:08 PM IST

কৰিমগঞ্জ, 17 জুন : কৰিমগঞ্জ জিলাৰ পৰিৱহন বিষয়াক নিলম্বনৰ নিৰ্দেশ দিয়াৰ লগে লগে নতুনকৈ দায়িত্বভাৰ অৰ্পণ কৰিলে হাইলাকান্দি পৰিবহন বিষয়া এছ আৰ মন্নাক ৷ উল্লেখযোগ্য যে,অভাৰলোডেড ট্ৰাকৰ পৰা জৰিমণা সংগ্ৰহৰ পৰিমান কম হোৱাৰ বাবেই অসম চৰকাৰে জিলা পৰিৱহন বিষয়া আৰু এনফ’ৰ্চমেন্ট বিষয়াক নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে ৷

সম্প্ৰতি চৰকাৰৰ নিৰ্দেশ লাভ কৰি কান্দোনত ভাগি পৰিছে কৰিমগঞ্জৰ জিলা পৰিবহন বিষয়া অপু মজুমদাৰে ৷ ইপিনে নিলম্বিত বিষয়া অপু মজুমদাৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে, অভাৰলোড গাড়ীৰ পৰা এনফ’ৰ্চমেন্ট বিষয়াই কৰ সংগ্ৰহ কৰি থাকে ৷ আনহাতে তেওঁ কৰিমগঞ্জত কৰ সংগ্ৰহ কম হৈ আছে বুলি কেইবাবাৰো এনফ’ৰ্চমেন্ট বিষয়াক লিখিত ভাবে জনাই আহিছিল যদিও তেওঁ নিলম্বিত হ’ব লগা হয় ৷

কৰ সংগ্ৰহ কম হোৱাৰ বাবে নিলম্বিত হ’ল কৰিমগঞ্জৰ জিলা পৰিবহন বিষয়া

লগতে তেওঁ সদৰি কৰে যে, নিলম্বিত হোৱা এনফ’ৰ্চমেন্ট বিষয়া আহমেদ হুচেইন মজুমদাৰে পৰিৱহন বিষয়াৰ নিৰ্দেশক কেৰেপ কৰা নাছিল । যাৰ বাবে কৰিমগঞ্জ জিলাৰ বাবে ধাৰ্য হোৱা ৯ কোটি ৫৮ লাখ টকা কৰৰ ৮৪ শতাংশ ৰাজহ সংগ্ৰহ হৈছে যদিও চৰকাৰে দুয়োকে নিলম্বন কৰিছে ।

লগতে পঢ়কঃ YES আই এম চিপাহী: মদিৰা পান কৰি এগৰাকী কনিষ্টবলৰ বাটৰ নাট

ABOUT THE AUTHOR

...view details