কৰিমগঞ্জ16মেঃ লক ডাউন চলি থকা সময়ত সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে মন্দিৰ আৰু মছিদত লোকৰ সমাগম । আনহাতে চৰকাৰী নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত নিভিয়া এলেকাৰ ছিমছিমপুৰ গাঁওৰ মছিদৰ মাইকযোগে ঘোষণা দিয়া হ'ল যে সকলোৱে যেন মছিদত সমবেত হৈ জুম্মাৰ নামাজ আদায় নকৰে । ঘোষণাৰ পিছত বহি ৰাজ্যৰ পৰা অহা হ‘ম কোৱাৰেন্টাইত থকা লোক সহ প্ৰায় শতাধিক লোক ছিমছিমপুৰ গাঁওৰ মছিদত গৈ উপস্থিত হয় বুলি অভিযোগ কৰে । এনেকাৰ্য নকৰিব কলে মছিদত উপস্থিত লোকৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘাত আৰম্ভ হয় । উভয় পক্ষৰ মাজত প্ৰচন্ড মাৰপিটৰ লগাৰ ফলত সাতজনকৈ লোক আহত হয় । ইয়াৰে সংকটজনক অৱস্থাত দুজনক শিলচৰ মেডিকেল কলেজ চিকিৎসালয় আৰু দুজনক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে ৷
জুম্মাৰ নামাজক কেন্দ্ৰকৰি কৰিমগঞ্জত সংঘাত - ফকৰ উদ্দিনৰ
নামাজত সমেবত হোৱাৰ বাবে মাইকযোগে চলোৱা প্ৰচাৰ'ক কেন্দ্ৰ কৰি ৰাতাবাৰী সমষ্টিৰ নিভিয়াত দুই ফৈদৰ মাজত মাৰপিট ৷
জুম্মাৰ নামাজক কেন্দ্ৰকৰি কৰিমগঞ্জত সংঘাত
এই ঘটনাক কেন্দ্ৰ কৰি উভয় পক্ষৰ ফালৰ পৰা নিভিয়া আৰক্ষী অনুসন্ধান চকীত গোচৰ ৰুজু কৰা হৈছে । অভিযোগ মতে, মছিদ পৰিচালনা সমিতিৰ সম্পাদক ফকৰ উদ্দিনৰ নিৰ্দেশত প্ৰতিবাদকাৰী নাজিম উদ্দিন আৰু তেওঁৰ পৰিয়ালৰ লোকৰ উপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ।
লগতে পঢ়কঃ বঙাইগাঁৱৰ কন্টেইনমেন্ট জ'নত তীব্ৰ উত্তেজনা