অসম

assam

ETV Bharat / state

কৰিমগঞ্জত তিনিখন পূজা কমিটিৰ বিৰুদ্ধে গোচৰ তৰিব জিলা প্ৰশাসনে - ক’ভিড-19 প্ৰটক’ল

পূজা অনুষ্ঠিত কৰাৰ পূৰ্ৱে তিনিবাৰকৈ আলোচনাত মিলিত হৈছিল পূজা কমিটি সমূহৰ সৈতে জিলা প্ৰশাসন ৷ সকলোকে ক’ভিড-19 প্ৰটক’ল মানি চলিবলৈ আহ্বান জনাইছিল প্ৰশাসনে ৷ তাৰ বিপৰীত ছবিহে দেখা গ’ল ৷ প্ৰশাসনৰ সকলো নীতি নিৰ্দেশনা ভৰি মোহাৰি পেলোৱা পৰিলক্ষিত হ’ল দশমীৰ দিনা ৷

karimganja distric adminstrations fir aginest puja commity
কৰিমগঞ্জত তিনিখন পূজা কমিটিৰ বিৰুদ্ধে গোচৰ তৰিব জিলা প্ৰশাসনে

By

Published : Oct 29, 2020, 4:14 PM IST

কৰিমগঞ্জ,29 অক্টোবৰঃ কৰিমগঞ্জ জিলা প্ৰশাসনে তিনিখনকৈ পূজা কমিটিৰ বিৰুদ্ধে গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ক’ভিড-19ৰ সকলো নীতি নিয়ম ভংগ কৰি অনুষ্ঠিত কৰিছিল দুৰ্গা পূজা ৷ কৰিমগঞ্জৰ উপায়ুক্ত আনবামুথান এম পি ইটিভি ভাৰতৰ আগত সদৰি কৰে এই কথা ৷

কৰিমগঞ্জত তিনিখন পূজা কমিটিৰ বিৰুদ্ধে গোচৰ তৰিব জিলা প্ৰশাসনে

উল্লেখযোগ্য যে,পূজা অনুষ্ঠিত কৰাৰ পূৰ্ৱে তিনিবাৰকৈ আলোচনাত মিলিত হৈছিল পূজা কমিটি সমূহৰ সৈতে জিলা প্ৰশাসন ৷ সকলোকে ক’ভিড-19 প্ৰটক’ল মানি চলিবলৈ আহ্বান জনাইছিল জিলা প্ৰশানে ৷ কিন্তু তাৰ বিপৰীত ছবি দেখা গ’ল ৷ প্ৰশাসনৰ সকলো নীতি নিৰ্দেশনা ভৰি মোহাৰি পেলোৱা পৰিলক্ষিত হ’ল ৷ দশমীৰ দিনা সকলো নীতি নিয়ম ভংগ কৰি একাংশ পূজা কমিটিয়ে উচ্চস্বৰত গান বজাই,সামাজিক দূৰত্ব অমান্য কৰাৰ লগতে এজনো লোকে পৰিধান কৰা নাছিল মাস্ক ৷ সেই সমূহ পূজা কমিটি এতিয়া ৰোষত পৰিছে কৰিমগঞ্জ জিলা প্ৰশাসনৰ ৷ সম্প্ৰতি সমগ্ৰ ঘটনাই এতিয়া কৰিমগঞ্জত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷


লগতে পঢ়কঃ ঢোল বাঁহী আৰু ঐনিতমৰ সুৰেৰে মুখৰিত জোনাই

ABOUT THE AUTHOR

...view details