কৰিমগঞ্জ, 27 জুলাই : সোমবাৰে কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষী থানা ঘেৰাও কৰে আমছু ছাত্ৰ সংগঠনটোৱে ৷ উল্লেখ্য যে,অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীত কৰা আন্দোলনৰ বাবে আমছুৰ দক্ষিণ কৰিমগঞ্জৰ ব্লক সভাপতি বাহাৰ উদ্দিন নামৰ ছাত্ৰজনক যড়যন্ত্ৰমূলকভাৱে ভুৱা গোচৰত আটক কৰা হৈছিল ।
বিজেপি কৰ্মীৰ গোচৰৰ ভিত্তিত বাহাৰ উদ্দিনক পাথাৰকান্দি আৰক্ষীয়ে আটক কৰিছিল । সেয়েহে ছাত্ৰজনৰ মুক্তিৰ দাবীত থানা ঘেৰাও কৰে আমছুৰ এটা প্ৰতিনিধি দলে ।