নিজ গৃহতে ৰহস্যজনকভাৱে অগ্নিদগ্ধ বিধৱা মহিলা - হত্যা
কৰিমগঞ্জ চহৰৰ শ্যামাপ্ৰসাদ ৰোডত ৰেণু বিশ্বাস নামৰ এগৰাকী বিধৱা মহিলাৰ নিজ গৃহতে ৰহস্যজনক ভাৱে অগ্নিদগ্ধ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷
কৰিমগঞ্জ, 08 আগষ্টঃ কৰিমগঞ্জ চহৰৰ শ্যামাপ্ৰসাদ ৰোডত ৰেণু বিশ্বাস নামৰ এগৰাকী বিধৱা মহিলাৰ নিজ গৃহতে ৰহস্যজনকভাৱে অগ্নিদগ্ধ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনা অনুসৰি, বুধবাৰে নিশা ভাষ্কৰ ভট্টাচাৰ্য নামৰ এজন লোকে অকলশৰীয়া মহিলাগৰাকীৰ সৈতে নৈশ যাপন কৰিবলৈ আহিছিল ৷ কিন্তু নিশা আহাৰ গ্ৰহণ কৰাৰ পাছতেই মহিলা গৰাকী ঘৰৰ বাহিৰলৈ ওলাই আহে আৰু তাৰ পাছতেই তেওঁ হঠাৎ অগ্নিদগ্ধ হয় ৷ এনে পৰিস্থিতিত স্থানীয় ৰাইজে মহিলা গৰাকীৰ ঘৰত উপস্থিত হৈ ভাষ্কৰ ভট্টাচাৰ্য নামৰ লোকজনক মহিলা গৰাকীক জুই নুমোৱা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ পৰৰ্বতী সময়ত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰাৰ লগতে লোক জনক আটক কৰিবলৈ সক্ষম হয় ৷ লোকজনে আৰক্ষীৰ আগত তেওঁ মহিলা গৰাকীৰ ঘৰত নৈশ যাপন কৰিবলৈ অহাৰ কথা স্বীকাৰ কৰিছে যদিও কিয় আৰু কেনেকৈ অগ্নিদগ্ধ হ'ল সেয়া তেওঁ জ্ঞাত নহয় বুলি জানিবলৈ দিছে ৷ ইফালে মহিলাগৰাকী শৰীৰৰ 80 শতাংশ অগ্নিদগ্ধ হোৱাৰ পাছতো সহায় কৰিবলৈ স্থানীয় কোনো ৰাইজ আগবাঢ়ি নহাত কৰিমগঞ্জ সদৰ থানাৰ টাউন ইনচাৰ্জ কমলেশ ছিঙে মহিলা গৰাকীক নিজে কোলাত উঠাই অটোৰে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে এয়া হত্যাৰ চেষ্টা নে আত্মহত্যা নে আকস্মিক দুৰ্ঘটনা সেই কথা পোহৰলৈ অহা নাই ৷