অসম

assam

ETV Bharat / state

পাঠদান বৰ্জন কৰি কৰিমগঞ্জ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ - অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্তৰ বিৰোধিতা

অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্তৰ বিৰোধিতা কৰিমগঞ্জ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ । পাঠদান বৰ্জন কৰি নামি পৰিল প্ৰতিবাদত ।

পাঠদান বৰ্জন কৰি কৰিমগঞ্জ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ
পাঠদান বৰ্জন কৰি কৰিমগঞ্জ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ

By

Published : Feb 25, 2021, 6:21 PM IST

কৰিমগঞ্জ, ২৫ ফেব্ৰুৱাৰী: অফলাইন মাধ্যমেৰে স্নাতক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষ ৷ কিন্তু বিশ্বজুৰি কৰ'ণা মহামাৰীৰ ফলত স্নাতক পৰ্যায়ৰ পৰীক্ষাসমূহ অনলাইন মাধ্যমতে অনুষ্ঠিত কৰাৰ বাবে দাবী জনাই উত্তাল প্রতিবাদ সাবস্ত কৰে কৰিমগঞ্জ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ।

পাঠদান বৰ্জন কৰি কৰিমগঞ্জ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ

বৃহস্পতিবাৰে অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অফলাইন মাধ্যমেৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে কৰিমগঞ্জ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে মহাবিদ্যালয়ৰ সম্মুখত তীব্র প্রতিবাদ সাব্যস্ত কৰে । পাঠদান বৰ্জন কৰি নামি পৰিল প্ৰতিবাদত ।

অসম বিশ্ববিদ্যালয় মুর্দাবাদ ধ্বনিৰে কপাঁই তোলে মহাবিদ্যালয়ৰ চৌহদ । যদিহে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সিন্ধান্তৰ কোনো পৰিবৰ্তন নকৰে তেন্তে আগন্তুক পৰীক্ষা বৰ্জন কৰাৰ হুংকাৰ প্ৰদান শিক্ষাৰ্থীসকলৰ ।

লগতে পঢ়ক:২১ ত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব: ৰিপুণ বৰা

ABOUT THE AUTHOR

...view details