কৰিমগঞ্জ, 1 এপ্ৰিল :মঙলবাৰে চিনাক্ত হয় অসমৰ প্ৰথমগৰাকী কৰ'ণা ভাইৰাছত আক্ৰান্ত ব্যক্তি ৷ কৰিমগঞ্জৰ এইলোকজন ইতিমধ্যে চিকিৎসাধীন হৈ আছে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ৷ বিশেষ সূত্ৰই জনোৱা অনুসৰি 4 মাৰ্চত এদিনৰ বাবে লোকজন দিল্লীৰ নিজামুদ্দিন দৰগাহত অনুষ্ঠিত ধৰ্মীয় সভালৈ গৈছিল । পিচদিনা পুনৰ গুৱাহাটীলৈ বিমানযোগে উভতি আহে ব্যক্তিগৰাকী ৷ তাৰ পাচতে গুৱাহাটী আঠ গাঁৱৰ এখন হোটেলত আছিল ব্যক্তিগৰাকী । তাৰ পিচত 12 তাৰিখে গুৱাহাটীৰ পৰা ৰাজধানী এক্সপ্ৰেছেৰে বদৰপুৰলৈ আহে ব্যক্তিগৰাকী । তেওঁৰ আছিল এখন ব্যক্তিগত মাদ্ৰাছাও ।
অসমৰ কৰ'ণা ৰোগী : কি কয় কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকে ! - corona virus news
কৰিমগঞ্জত অসমৰ প্ৰথমগৰাকী কৰ'ণা আক্ৰান্ত ব্যক্তি চিনাক্ত হোৱাৰ পাচত বুধবাৰে পুনৰ ৰাজ্যত আন চাৰিগৰাকী কৰ'ণা আক্ৰান্ত ব্যক্তি চিনাক্ত হৈছে ৷ দিল্লীৰ নিজামউদ্দিন দৰগাহৰ ধৰ্মীয় সভালৈ যোৱা একাংশ লোকৰ দেহত পোৱা গৈছে কৰ'ণাৰ উপস্থিতি ৷ এই সন্দৰ্ভত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ বিশেষ প্ৰতিক্ৰিয়া ৷
karimganj sp opinion about corona positive person
বৰ্তমান ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোকসকলকো আছুতীয়াকৈ কৰিমগঞ্জৰ গিৰিশগঞ্জ হাস্পতালত ৰখা হৈছে ৷ তাৰোপৰি বুধবাৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, আৰু চাৰিগৰাকী লোকৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰিছে ৷ গতিকে এই অনুষ্ঠানলৈ যোৱা অসমৰ লোক সকলক চিনাক্ত কৰি স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰিছে প্ৰশাসন তথা স্বাস্থ্য বিভাগে ৷
লগতে পঢ়ক : খাদ্য সংকটে দেখা দিছে নৱগ্ৰহৰ মন্দিৰৰ বান্দৰসমূহৰ মাজত