কৰিমগঞ্জ,22 নৱেম্বৰঃ অসম আৰক্ষীৰ আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাত সংঘটিত বিয়াগোম কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে আজি ৰাজ্যজুৰি পুনৰ অনুষ্ঠিত কৰা হৈছে পৰীক্ষা ৷ এই কেলেংকাৰীৰ অভিকেন্দ্ৰ আছিল কৰিমগঞ্জ ৷ কেলেংকাৰীত নাম সাঙুৰ খাই কাৰাগাৰলৈ যাবলগীয়া হৈছিল কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণ আৰু তেখেতৰ দুজনকৈ দেহৰক্ষী ৷ ইয়াৰ মাজতে দেওবাৰে SI পৰীক্ষাক লৈ কৰিমগঞ্জত সৃষ্টি হৈছে যুদ্ধসদৃশ পৰিস্থিতি ৷
কৰিমগঞ্জত কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত SI পৰীক্ষা - SI scam
আজি ৰাজ্যজুৰি অনুষ্ঠিত হৈ অসম আৰক্ষীৰ SI পৰীক্ষা ৷ পূৰ্বতে এই পৰীক্ষাত সংঘটিত কেলেংকাৰীৰ অভিকেন্দ্ৰ কৰিমগঞ্জতো কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত হৈছে এই পৰীক্ষা ৷
![কৰিমগঞ্জত কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত SI পৰীক্ষা As_kmj_si_examination_vis_as10036](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9624247-thumbnail-3x2-karimganj.jpg)
কৰিমগঞ্জত কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত SI পৰীক্ষা
কৰিমগঞ্জত কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত SI পৰীক্ষা
জিলাখনৰ দুটাকৈ কেন্দ্ৰত অনুষ্ঠিত কৰা হৈছে পৰীক্ষা ৷ পৰীক্ষাকেন্দ্ৰৰ চাৰিওকাষে ত্ৰিস্তৰীয় নিৰাপত্তা বেষ্টনী গড়ি তোলা হৈছে ৷ আনহাতে, পৰীক্ষাকেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে পৰীক্ষাৰ্থীসকলকো তন্ন তন্নকৈ নিৰীক্ষণ কৰা হৈছে ৷
লগতে পঢ়ক-সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সম্পাদক শংকৰজ্যোতি বৰুৱাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ...