কৰিমগঞ্জ,17 চেপ্টেম্বৰ: দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে দেশৰ আন ঠাইৰ লগতে সংগতি ৰাখি কৰিমগঞ্জতো পালিত হ'ল - সেৱা সপ্তাহ । আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিনত কৰিমগঞ্জৰ বিজেপি মহিলা মৰ্চাই চহৰত চাফাই অভিযান চলায় । বাট পথ ঝাড়ু দিয়াৰ লগতে চহৰত থকা মনিষীসকলৰ প্ৰতিমূৰ্তি পৰিষ্কাৰ কৰে ।
কৰিমগঞ্জত দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন - কৰিমগঞ্জত বিজেপি কৰ্মীৰ তৎপৰতা
কৰিমগঞ্জত বিজেপি কৰ্মীৰ তৎপৰতা ৷ বাট-পথ ঝাডু দিয়াৰ লগতে চহৰত থকা মনিষীসকলৰ প্ৰতিমূৰ্তি পৰিষ্কাৰ ৷

কৰিমগঞ্জত বিজেপি কৰ্মীৰ তৎপৰতা
কৰিমগঞ্জত প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন
এনে কাৰ্যত যুৱ মৰ্চাসহ জিলা কমিটিয়েও সহায় কৰে । পাচত সকলো বিজেপি কাৰ্যকৰ্তাই কৰিমগঞ্জ অসামৰিক আৰু ৰেডক্ৰছ চিকিৎসালয়ত ৰোগীসকলক ফলমূল বিতৰণ কৰে । কৰিমগঞ্জ জিলা বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী সীমা নন্দীয়ে কাৰ্যক্ৰমৰ বিৱৰণ দাঙি ধৰে ।