অসম

assam

ETV Bharat / state

কৰিমগঞ্জত বালি মাফিয়া আটক - কৰিমগঞ্জত বালি মাফিয়া আটক

কৰিমগঞ্জৰ নিলামবজাৰত বালি মাফিয়াৰ বিৰুদ্ধে অভিযান। আৰক্ষী আৰু বন বিভাগক লগত লৈ অভিযান চলালে চক্ৰ বিষয়াই। অভিযানত ২৩ডাল পাইপসহ এটা বালি মাফিয়া আটক।

কৰিমগঞ্জত বালি মাফিয়া আটক
কৰিমগঞ্জত বালি মাফিয়া আটক

By

Published : Oct 6, 2020, 3:45 PM IST

কৰিমগঞ্জ, ৬অক্টোবৰ: প্ৰশাসনলৈ বুঢ়া আঙুলি দেখুৱাই কৰিমগঞ্জত বালি মাফিয়াৰ দপদপনি । চক্ৰ বিষয়া আদিউল ইছলামৰ নেতৃত্বত নিলামবজাৰত আৰক্ষী আৰু বন বিভাগে অভিযান চলাই এটা বালি মাফিয়াক আটক কৰে । ধৃত বালি মাফিয়াটো চাব্বিৰ আহমেদ । ধৃত চাব্বিৰ আহমেদৰ পৰা আৰক্ষীয়ে ২৩ডাল পাইপো জব্দ কৰে। কৰিমগঞ্জত ৰাজহ ফাঁকি দি দীৰ্ঘদিন ধৰি অবৈধভাৱে বালি সংগ্ৰহ কৰি আহিছে অসাধু চক্ৰই৷ সংবাদ মাধ্যমত বালি মাফিয়াৰ বিষয়ে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তত্পৰ হৈছিল চক্ৰ বিষয়া আদিউল ইছলাম।

কৰিমগঞ্জত বালি মাফিয়া আটক

উল্লেখ্য যে, কৰিমগঞ্জৰ নিলামবজাৰ অঞ্চলৰ লংগাই নদীৰ ওপৰত থকা পকী দলঙৰ ৫০০ মিটাৰৰ ভিতৰৰ পৰা অবৈধভাৱে মেচিন ব্যৱহাৰ কৰি নৈৰ পৰা বালি সংগ্ৰহ কৰাৰ অভিযোগ এক অসাধু চক্ৰৰ বিৰুদ্ধে ৷ নিলামবজাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদৰ ওপৰেৰে পাইপ লাইন বহুৱাই গড়কাপ্তানী পথৰ ওপৰেদি বালি সংগ্ৰহ কৰা পাইপ লাইন লৈ যোৱা হৈছে ৷ প্ৰশাসনকো কেৰেপ নকৰা অসাধু চক্ৰটোৱে কেৱল এই স্থানতেই নহয় বৰং জিলাখনৰ ভিন্ন প্ৰান্তত অবৈধভাৱে বালি সংগ্ৰহৰ কাম চলাই নিয়াৰো অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক :কৰিমগঞ্জৰ এগৰাকী অধিবক্তাৰ মহানুভৱতা

ABOUT THE AUTHOR

...view details