কৰিমগঞ্জ,4 জুন: কৰিমগঞ্জৰ ৰামকৃষ্ণ মিচন আশ্ৰমৰ বিশেষ প্ৰয়াস। কৰ'ণা আতংকৰ মাজতে আশ্ৰমখনৰ কৰ্মকৰ্তাসকলে বৃহস্পতিবাৰে ভাৰত-বাংলাদেশ সীমান্তৰ কাটাতাঁৰৰ বাহিৰত থকা ভাৰতৰ লোকসকলক খাদ্য বিতৰণ কৰিলে ৷ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানক লগত লাতু গোবিন্দ পুৰৰ প্ৰায় 257 টা পৰিয়ালক খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰিলে ৰামকৃষ্ণ মিচন আশ্ৰমৰ সদস্য মহাৰাজ ৰামভদ্ৰানন্দ জীয়ে।
ভাৰত-বাংলা সীমান্তত কি কৰিছে এইসকল কৃষ্ণ ভক্তই ? - ৰামকৃষ্ণ মিচনৰ খাদ্য সামগ্ৰী বিতৰণ
কৰ'ণা আতংকৰ মাজতে ভাৰত-বাংলাদেশ সীমান্তত কৰিমগঞ্জৰ ৰামকৃষ্ণ মিচন আশ্ৰমে বিতৰণ কৰিলে খাদ্য সামগ্ৰী ৷ বিগত বছৰৰ দৰে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানক লগত লাতু গোবিন্দ পুৰৰ প্ৰায় 257 টা পৰিয়ালক খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে আশ্ৰমখনে ৷
ভাৰত-বাংলাদেশ সীমান্তত ৰামকৃষ্ণ মিচনৰ খাদ্য সামগ্ৰী বিতৰণ
উল্লেখ্য যে, আশ্ৰমখনৰ কৰ্মকৰ্তাসকলে বিগত বছৰৰ লকডাউনৰ সময়তো সীমান্তৰ বাহিৰত থকা ভাৰতীয় দুখীয়া লোকসকলৰ মাজত খাদ্য় সমগ্ৰী যোগান ধৰি আহিছিল ৷ এইবেলিও অনুৰূপ ধৰণে বিপদৰ সময়ত লোকসকলৰ ওচৰলৈ যোৱাত সকলোৱে প্ৰশংসা কৰিছে আশ্ৰমখনৰ কৰ্মকৰ্তাসকলক ৷
লগতে পঢ়ক:ডাউন টাউন বিশ্ববিদ্যালয়ৰ ক’ভিড হাস্পতাল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ