অসম

assam

ETV Bharat / state

দুৰ্গোৎসৱ পালনক লৈ কৰিমগঞ্জ প্ৰশাসনৰ নতুন নিৰ্দেশনা - নিৰ্দেশনা

দুৰ্গা পূজা আয়োজনক লৈ কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে কৰিমগঞ্জ জিলা প্ৰশাসনে । COVID-19 ৰ ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জাক-জমকতাৰ পৰিৱৰ্তে অনুষ্টুপীয়াকৈ পূজা অনুষ্ঠিত কৰাৰ বাবে পূজা কমিটীসমূহক প্ৰশাসনে আহ্বান জনাইছে ।

দুৰ্গোত্সৱ পালনক লৈ কৰিমগঞ্জ প্ৰশাসনৰ নতুন নিৰ্দেশনা
দুৰ্গোত্সৱ পালনক লৈ কৰিমগঞ্জ প্ৰশাসনৰ নতুন নিৰ্দেশনা

By

Published : Oct 9, 2020, 5:16 PM IST

কৰিমগঞ্জ, ৯অক্টোবৰ: পূৰ্বৰ দৰে জাক-জমকতাৰে অনুষ্ঠিত নহয় শাৰদীয় দুৰ্গা পূজা । কৰ'ণা মহামাৰীৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কৰিমগঞ্জ জিলা প্ৰশাসনে । এইবাৰ দুৰ্গা পূজাত পূৰ্বৰ দৰে নাথাকিব আনন্দ-উছাহ । শুক্ৰবাৰে উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে কৰিমগঞ্জ জিলা প্ৰশাসনে ।

দুৰ্গোত্সৱ পালনক লৈ কৰিমগঞ্জ প্ৰশাসনৰ নতুন নিৰ্দেশনা

চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি সামাজিক দূৰত্ব বৰ্তাই আৰু মাস্ক পৰিধান কৰি দুৰ্গোৎসৱ পালন কৰিবলৈ প্ৰস্তুতি লোৱাৰ পূজা কমিটীসমূহক কৰিমগঞ্জ জিলা প্ৰশাসনে আহ্বান জনাইছে ।

লগতে পঢ়ক:ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জনসংখ্যা নিয়ন্ত্ৰণ অভিযান আৰম্ভ

ABOUT THE AUTHOR

...view details