কৰিমগঞ্জ, 4 অক্টোবৰঃদক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ পথৰ জৰাজীৰ্ণ অৱস্থাই দুৰ্ভোগ ভোগাইছে প্ৰায় ডেৰ শতাধিক গাঁৱৰ ৰাইজক ৷ সমষ্টিটোৰ কালিগঞ্জৰ পৰা খাগাইল সংযোগী পথটোৰ দুৰাৱস্থাৰ বাবে ৰাইজে জীয়াতু ভূগিবলগীয়া হৈছে যদিও এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষৰ ৷ পথৰ মাজতে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ ৷ প্ৰায় ডেৰ শতাধিক গাঁৱৰ যোগাযোগৰ একমাত্ৰ মাধ্যম এই পথছোৱাৰেই প্ৰতিদিনেই বিপজ্জনক ভাৱে যাত্ৰা কৰিবলগীয়া হয় স্কুল,কলেজৰ ছাত্ৰ-ছাত্ৰী ৷ যাৰ বাবে যিকোনো সময়তেই ভয়ংৰ বিপদৰ আশংকা কৰিছে ৷ ৰাইজে অতি শীঘ্ৰে এই পথঠোৱা মেৰামাতিৰ দাবী উত্থাপন কৰিছে ৷
জৰাজীৰ্ণ অৱস্থাত কৰিমগঞ্জৰ এটা অতি গুৰুত্বপূৰ্ণ পথ
দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ কালিগঞ্জৰ পৰা খাগাইল সংযোগী পথটোৰ দুৰাৱস্থাৰ বাবে ৰাইজে জীয়াতু ভূগিবলগীয়া হৈছে যদিও এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষৰ ৷
জৰাজীৰ্ণ অৱস্থাত কৰিমগঞ্জৰ এটা অতি গুৰুত্বপূৰ্ণ পথ