অসম

assam

By

Published : Apr 10, 2020, 10:27 AM IST

ETV Bharat / state

ভয়াৰ্ত জনতাক গীতেৰে আশ্বাস কৰিমগঞ্জ আৰক্ষীৰ

জনতাৰ বন্ধুৰ ৰূপত আৰক্ষী ৷ আৰক্ষীয়ে কৰ’ণা ভাইৰাছৰ বাবে ঘৰতে সোমাই থকা জনতাক গীতৰ মাধ্যমেৰে আশ্বস্ত কৰা দেখা গ’ল কৰিমগঞ্জত ৷ আৰক্ষীৰ এই পদক্ষেপত উৎসাহিত হয় জনতা ৷

Karimganj police sung song against covid 19
গীতেৰে আশ্বাস প্ৰদান কৰিমগঞ্জ আৰক্ষীৰ

কৰিমগঞ্জ,10 এপ্ৰিলঃকৰিমগঞ্জ আৰক্ষীৰ ব্যতিক্ৰমী পদক্ষেপ ৷ ভয়াৰ্ত জনতাক আশ্বাস প্ৰদানৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিমগঞ্জ আৰক্ষীৰ ৷ ৰাজ্যত চলি থকানিমাওমাও পৰিৱেশৰ মাজতে কৰিমগঞ্জ আৰক্ষীয়ে ৰাজপথত গান গাই আশ্বস্ত কৰে ৰাইজক ৷ লক ডাউনৰ সময়চোৱাত সকলো লোকে যাতে ঘৰত থাকে আৰু আৰক্ষীয়ে জন সাধাৰণক সুৰক্ষা প্ৰদান কৰিব পাৰে,সেই উদ্দেশ্য আগত ৰাখি কৰিমগঞ্জ আৰক্ষীৰ এটা বৃহৎ দলে গান গাই ঘৰত থকা লোকসকলক আশ্বস্ত কৰে ৷ ইফালে, ঘৰত থকা লোকসকলে আৰক্ষীৰ এই পদক্ষেপৰ বাবে হাত চাপৰি বজাই আৰু ম’বাইলৰ লাইট জ্বলাই উৎসাহিত কৰে ৷

গীতেৰে আশ্বাস প্ৰদান কৰিমগঞ্জ আৰক্ষীৰ

ABOUT THE AUTHOR

...view details