কৰিমগঞ্জ, 19 অক্টোবৰ : কৰিমগঞ্জত প্ৰধানমন্ত্ৰী গ্ৰামীণ পকী পথ যোজনাৰ কামত ব্যাপক অনিয়মৰ অভিযোগ । সোমবাৰে নিম্নমানদণ্ডৰ কাম কৰি ঠিকাদাৰে চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানৰ ঘনিষ্ঠ ঠিকাদাৰে চৰকাৰী নীতি-নিয়ম ধোৱাচাঙত তুলি দি নিজৰ মইমতালি অব্যাহত ৰাখিছে বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিনোদিনীৰ পৰা ফাকুয়ালৈ যোৱা প্ৰায় 3 কোটি 25 লাখ টকা ব্যয়ৰে নিৰ্মীয়মান পকী পথ নিৰ্মাণত ব্যাপক কেলেংকাৰী সংঘটিত কৰি ঠিকাদাৰে ৷ নামমাত্ৰ শিলগুটি পেলাই ইয়াৰ ওপৰত ব্লক বহুৱাই পথ নিৰ্মাণৰ কাম কৰিছে ঠিকাদাৰজনে,যাৰ ফলত পথৰ এটা বৃহৎ অংশ ইতিমধ্যে খহি গৈছে ৷