কৰিমগঞ্জ, 5 অক্টোবৰঃকৰিমগঞ্জত গভীৰ নিদ্ৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগ ৷ বন্ধ পানী যোগান আঁচনিক লৈ উত্তাল দক্ষিণ কৰিমগঞ্জ। দৰাচলতে, কৰিমগঞ্জ জিলাৰ প্ৰায় 60 শতাংশ পানী যোগান আঁচনি দীৰ্ঘ বছৰ ধৰি বন্ধ অৱস্থাত আছে । বন্ধ হৈ থকা আঁচনিসমূহ সুচল কৰি তুলিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আহৰি নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷
বন্ধ হৈ থকা আঁচনিসমূহ পুনৰ উজ্জীৱিত কৰিবলৈ কেইবাবাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰাৰ পিচতো বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷ সেয়ে সোমবাৰে ক্ষুদ্ধ ৰাইজে কায়স্থগ্রাম পানী যোগান আঁচনিৰ বিভাগীয় কতৃপক্ষৰ বিৰুদ্ধে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷