কৰিমগঞ্জ, 30 চেপ্টেম্বৰ: কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ লক্ষীপুৰৰ পৰা দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ সুনাতুলা পৰ্যন্ত গ্ৰামীণ পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ ঠিকাদাৰ জনৈক বুঢ়াগোহাঁইৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ । চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই ঠিকাদাৰে পথ নিৰ্মাণত কৰিছে বিয়াগোম বিসংগতি ।
কৰিমগঞ্জৰ পাথাৰকান্দিত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি - কৌটিটকীয়া পথ নিৰ্মাণত ঠিকাদাৰৰ মইমতালি
কৌটিটকীয়া পথ নিৰ্মাণত ঠিকাদাৰৰ মইমতালি । ঠিকাদাৰৰ বিৰুদ্ধে নিম্নমানৰ কাম কৰি চৰকাৰী অৰ্থ আত্মসাৎ কৰাৰ অভিযোগ ।

তথ্য ফলকত কামৰ নিয়ম উল্লেখ থকাৰ পিছতো নিশাৰ এন্ধাৰত প্ৰশাসন যন্ত্ৰ প্ৰয়োগ কৰি যিকোনো প্ৰকাৰে পথটো নিম্নমানৰ নিৰ্মাণ কৰি চৰকাৰী আঁচনিৰ অৰ্থ আত্মসাত কৰাৰ পৰিকল্পনা কৰিছে এইজন ঠিকাদাৰে । নিম্নমানৰ কামৰ বিৰুদ্ধে এলেকাৰ লোকে অভিযোগ কৰিলে আনকি ঠিকাদাৰৰ ভাবুকিৰ সম্মুখীন হ'বলগীয়া হয় অভিযোগ কৰা সকলে । অভিযোগ অনুসৰি পুৰণি পথৰ ওপৰত কম পৰিমাণৰ মাটি ভৰাই চেন্ট গ্ৰেভেলৰ কাম চলাইছে নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰজনে । আনকি দিনৰ ভাগতো আৰক্ষীৰ উপস্থিতত কাম চলাইছে ঠিকাদাৰ জনৈক বুঢ়াগোহাঁইয়ে ।
নিজকে এজন শক্তিশালী মন্ত্ৰীৰ ভাতৃৰ পৰিচয় দি প্ৰধানমন্ত্ৰী গ্ৰামীণ পকী পথ আঁচনিৰ অন্তৰ্গত প্ৰায় চাৰি কৌটি টকাৰ পথ নিৰ্মাণৰ কাম কোনো মতে সামৰি চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে ঠিকাদাৰজনৰ বিৰুদ্ধে ।