অসম

assam

ETV Bharat / state

জাৱৰৰ দমৰ মাজত কি কৰিছে দক্ষিণ কৰিমগঞ্জৰ বিধায়কে !

দক্ষিণ কৰিমগঞ্জৰ এআইইউডিএফৰ বিধায়ক আজিজ আহমেদ খানে শনিবাৰে নিজে হাতে-কামে লাগি জাবৰ নিষ্কাষণ কৰে ৷ বিধায়কজনৰ এই প্ৰচেষ্টাত সহযোগিতা কৰে বিজেপি মহিলা নেত্ৰী শিপ্ৰা গুনে ৷

By

Published : Jun 8, 2019, 6:24 PM IST

দক্ষিণ কৰিমগঞ্জৰ বিধায়ক

কৰিমগঞ্জ, 8 জুন: কৰিমগঞ্জ জিলাৰ ব্যৱসায়ীক প্ৰাণকেন্দ্ৰ নিলামবজাৰত অস্বাস্থ্যকৰ পৰিৱেশ ৷ নিলামবজাৰ স্বাস্থ্য কেন্দ্ৰ আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দীৰ্ঘদিন পৰা পৰি থকা জাৱৰৰ দমৰ দুৰ্গন্ধময়ৰ বাবে অস্বস্তি পেলাইছে পথচাৰীক ৷ একাংশ ব্যৱসায়ীয়ে বজাৰৰ শেষত ৰৈ যোৱা জাবৰ সমূহ পেলোৱাৰ ফলত একপ্ৰকাৰৰ জাৱৰৰ পাহাৰ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে ৷ যাৰ বাবে দীৰ্ঘদিন ধৰি জাৱৰৰ পৰা ওলোৱা গোন্ধে সমগ্ৰ অঞ্চলত অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি কৰিছে ৷ অঞ্চলবাসীয়ে জাবৰৰ দমটো উক্ত স্থানৰ পৰা স্থন্তান্তৰ কৰিবৰ বাবে পৌৰনিগম তথা প্ৰশাসনক অৱগত কৰে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰশাসনে ৷ যাৰ বাবে দক্ষিণ কৰিমগঞ্জৰ এআইইউডিএফৰ বিধায়ক আজিজ আহমেদ খানে শনিবাৰে নিজে হাতে-কামে লাগি জাৱৰ নিষ্কাষণ কৰে ৷ বিধায়কজনৰ এই প্ৰচেষ্টাত সহযোগিতা কৰে বিজেপি মহিলা নেত্ৰী শিপ্ৰা গুনে ৷ আনহাতে, বিষয় সন্দৰ্ভত বিধায়ক আজিজ আহমেদ খানে কয়,"আমাৰ মাজত সচেতনতাৰ অভাৱ ৷ যাৰ বাবে এনে অভাৱনীয় পৰিস্থিতিৰ সূচনা হ'বলৈ পায় ৷" তাৰোপৰি বিজেপি নেত্ৰী শিপ্ৰা গুনে বিধায়ক আজিজ আহমেদ খানৰ এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয়, প্ৰশাসনে যদি য'তে ত'তে জাবৰ পেলোৱা সকলক জৰিমনা প্ৰদান কৰাৰ ব্যবস্থা গ্ৰহণ কৰে তেন্তে কোনেও য'তে ত'তে জাৱৰ পেলাই পৰিবেশ বিনষ্ট নকৰিলে হেঁতেন ৷

দক্ষিণ কৰিমগঞ্জৰ বিধায়ক

ABOUT THE AUTHOR

...view details